Kanpur School Girls Fight Viral Video: ইণ্টাৰনেটত প্ৰতিদিনে মনোৰঞ্জনমূলক, আজৱ আৰু ধেমেলীয়া ভিডিঅ’ ভাইৰেল (Viral Video) হৈয়ে থাকে। যিবোৰে ব্যৱহাৰকাৰীসকলৰ মনোযোগ আকৰ্ষণ কৰে। তেনে এটা ভিডিঅ’ সামাজিক মাধ্যমত যথেষ্ট শ্বেয়াৰ কৰা হৈছে। এই ভিডিঅ’টো এখন বিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰীৰ মাজত হোৱা মাৰপিটৰ। ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এই ভিডিঅ’টো কানপুৰৰ (Kanpur Video) এখন বিখ্যাত বিদ্যালয়ৰ বুলি কয়।
স্কুলৰ ছাত্ৰীৰ মাজত তয়াময়া ৰণ
ভিডিঅ’টোত স্কুলৰ ইউনিফৰ্ম পিন্ধা তিনিগৰাকী ছাত্ৰীক হিংস্ৰভাৱে এগৰাকীয়ে-আনগৰাকীক চুলি টনা-টনি আৰু ঘোচা মাৰি থকা দেখা গৈছে (Kanpur School Girls Beat Each Other Pull Hair)। আটাইকেইগৰাকীয়ে আক্ৰমণাত্মকভাৱে এগৰাকীয়ে আনগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি মাৰপিট কৰা দেখা গৈছে। ইফালে, আন ছাত্ৰীসকলক কাজিয়া বন্ধ কৰিবলৈ কোৱা শুনা গৈছে আনহাতে কেইগৰাকীমানে ৰখাবলৈ চেষ্টা কৰে, কিন্তু কোনো লাভ নহ’ল।
তলত চাওক ছাত্ৰীৰ কেইগৰাকীৰ মাজত হোৱা মাৰপিটৰ ভিডিঅ’-
कानपुर के एक पब्लिक स्कूल का वीडियो वायरल
क्लास रूम में छात्राओं में हुआ दे दना दन
तेजी से वीडियो हो रहा है वायरल
क्लास 10th की बताई जा रही है छात्राएं#kanpur #schoolfight pic.twitter.com/hBS4DxxrwG— ऋषभ वीरेन्द्र दीक्षित (@RishabhDixit57) August 27, 2022
ছাত্ৰী কেইগৰাকীৰ মাজত হোৱা এই কাজিয়াৰ কাৰণ জানিবলৈ মানুহ আগ্ৰহী হৈ উঠিছে।
Photo: Twitter
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/ajab-incident-by-doctor-krimganj-civil-hospital-in-assam/11477/
Discussion about this post