চাৰিওফালে শোকাকুল পৰিৱেশ। সকলোৰে চকুত মাথো চকুপানী। ৪জন লোকে শৱদেহৰ সাঙি খন কান্ধত তুলি লৈ ৰাম নাম গাই গাই শ্মশান অভিমুখে আগবাঢ়িল। শোকত সকলোৱে ভাগি পৰিছে। চকুপানীৰে বাট নেদেখা হৈছে পৰিয়ালৰ সদস্য, মিতিৰ-কুটুম্ব, বন্ধু বৰ্গই।
শ্মশানত সকলো উপস্থিত হ’ল। সকলোৱে অন্তিম বিদায় জনাই মৃতদেহটো চিতাত তুলি দিলে। কিন্তু তাৰ পিছত যি ঘটিল সেয়া তাত উপস্থিত থকা লোকসকলে হয়টো জীৱনত কেতিয়াও পাহৰিব নোৱাৰিব।
অন্ত্যেষ্টিক্ৰিয়াৰ ঠিক আগতে জীৱিত হ’ল এজন লোক। চিতাত অগ্নি দিয়াৰ ঠিক আগ মুহূৰ্তত হঠাৎ চিতাৰ ওপৰত উঠি বহে মৃত লোকজন। যি দৃশ্য দেখি ভয়ত সকলোৱে চিঞৰি উঠে। এয়া বাস্তৱ নে সপোন, সেয়া বিশ্বাস কৰিবলৈকে কঠিন হৈ পৰে তেওঁলোকৰ।
চাওক Viral Video-
দৰাচলতে দিল্লীৰ (Delhi) পৰা এক আচৰিত ঘটনা (Horrific Incident) পোহৰলৈ আহিছে। এই নাটকীয় ঘটনা সংঘটিত হৈছে দিল্লীৰ নাৰেলা (Narela) অঞ্চলত। পুৱা প্ৰায় ১১ বজাত নাৰেলা অঞ্চলত এজন ৬২ বছৰীয়া লোকৰ মৃত্যু হয়। যেতিয়া বৃদ্ধ লোকজনক শ্মশানলৈ লৈ যোৱা হয় আৰু চিতাত তুলি দিয়া হয় তেতিয়া লোকজনে চিতাৰ ওপৰত উঠি বহে আৰু চকু মেলি ঘন ঘন উশাহ ল’বলৈ আৰম্ভ কৰাত উপস্থিত সকলৰ মাজত হাহাকাৰ লাগে। এই ঘটনাটোৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে (Viral Video)।
ঘটনাৰ বিবৰণী অনুসৰি, নাৰেলাৰ টিক্ৰি খুৰ্দ গাঁৱৰ সতীশ ভৰদ্বাজ নামৰ ৬২ বছৰীয়া ব্যক্তিজনক স্বাস্থ্যজনিত কাৰণত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ভেণ্টিলেটৰত ৰখা হয়।
दिल्ली के नरेला इलाके में आज हैरतंगेज़ मामला सामने आया, दरअसल 62 साल के एक बुजुर्ग की सुबह करीब 11 बजे मौत हो गई थी, जब अंतिम संस्कार के लिए बुजुर्ग को श्मशान घाट ले जाया गया तो बुज़ुर्ग ज़िंदा हो गया और आंखें खोल लीं। देखिए घटना का वीडियो।#ViralVideo #Delhi pic.twitter.com/h0lqDDlcg9
— Shahavaj Anjum's (@ShahavajAnjum) December 27, 2021
কিন্তু দেওবাৰে লোকজনে উশাহ ল’বলৈ বন্ধ কৰাত পুৱা ১১ বজাত পৰিয়ালৰ লোকে তেওঁৰ মৃত্যু ঘটা বুলি ধৰি লয় আৰু হাস্পতালখনৰ চিকিৎসকৰ অনুমতি অবিহনেই ঘৰলৈ লৈ আনে। যাৰ পিছত তেওঁক অন্ত্যেষ্টিক্ৰিয়াৰ বাবে শ্মশানলৈ লৈ যোৱা হয়।
কিন্তু শ্মশানত তেওঁৰ চিতাত মুখাগ্নি দিয়াৰ আগমুহূৰ্তত হঠাৎ ব্যক্তিজনে উশাহ ল’বলৈ আৰম্ভ কৰে আৰু চকু মেলি উঠি বহে।
ইফালে অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ তাত উপস্থিত থকা এগৰাকী চিকিৎসকে ব্যক্তিজনৰ হৃদস্পন্দন পৰীক্ষা কৰি ততাতৈয়াকৈ ৰাজা হৰিচন্দ্ৰ হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰে।
আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে। অৱশ্যে এই ঘটনা চিকিৎসালয়ৰ অৱহেলাৰ বাবে সংঘটিত হোৱা নাই বুলি প্ৰাথমিক তদন্তৰ অন্তত মন্তব্য কৰে এগৰাকী আৰক্ষী বিষয়াই।
Photo: Twitter
আৰু পঢ়কঃ https://khatangkhobor.com/news/horrific-road-accident-at-saraighat-bridge-driver-injured/5746/
Discussion about this post