উত্তৰাখণ্ডৰ (Uttarakhand) তনকপুৰ-চম্পাৱত ঘাইপথত (Tanakpur Champawat Highway) এখন মেক্স গাড়ী দ’ খাৱৈত বাগৰি (Fell In Ditch) পৰাৰ ফলত তাত যাত্ৰা কৰা ১৬ গৰাকী লোকৰ ভিতৰত ১৪ গৰাকী লোকৰ মৃত্যু হয় (14 People Died)। ঘটনাটো সুখীঢাং-দাণ্ডামিনাৰ পথত নিশা প্ৰায় ৩ বাজি ২০ মিনিটত সংঘটিত হয়। দুৰ্ঘটনাটোত গাড়ীৰ চালক আৰু অন্য এজন লোক গুৰুতৰভাৱে আহত হৈছিল। আহতসকলক চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে, কুমাওঁৰ ডিআইজি নীলেশ আনন্দ ভৰ্ণে দুৰ্ঘটনাটোত ১১ গৰাকী লোকৰ মৃত্যু হোৱাটো নিশ্চিত কৰিছে।
উত্তৰাখণ্ড ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ (এছডিআৰএফ) পৰা প্ৰাপ্ত তথ্য অনুসৰি, নিশা প্ৰায় ১০ বজাত সংঘটিত দুৰ্ঘটনাটোৰ সময়ত বাহনখনত ১৫ গৰাকী বিবাহযাত্ৰী আছিল, যাৰ ভিতৰত ১৩ গৰাকীৰ মৃত্যু হৈছিল। বাহিনীৰ মতে, গাঁতটোৰ পৰা মৃতদেহবোৰ উলিয়াই অনাৰ বাবে ব্যৱস্থা লোৱা হৈছে। দুয়োজন আহতক চম্পাৱতৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মাজনিশা ৩ বজাত দুৰ্ঘটনাটোৰ বিষয়ে তথ্য প্ৰাপ্ত হৈছিল যাৰ পিছত ঘটনাস্থলীলৈ অনুসন্ধান আৰু উদ্ধাৰকাৰী দলক প্ৰেৰণ কৰা হৈছিল। দুৰ্ঘটনাটোৰ সময়ত, মেক্স বাহনখন দণ্ড কাকনাই গাঁৱলৈ গৈ আছিল আৰু যাত্ৰীসকলে তনকপুৰৰ পঞ্চমুখী ধৰ্মশালাত আধাৰিত বিবাহ অনুষ্ঠানত অংশ গ্ৰহণ কৰি উভতি আহিছিল।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে পুৱতি নিশা বিবাহ অনুষ্ঠানৰ পৰা উভতি অহাৰ সময়তে বিবাহযাত্ৰীৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ড্ৰাইধাং-দাণ্ডামিনাৰ পথৰ দাঁতিৰ দ খাদত বাগৰি পৰে। দুৰ্ঘটনাত চালক আৰু আন এজন যাত্ৰী গুৰুতৰভাৱে আহত হয় যদিও বাকী ১৪ জনে প্ৰাণ হেৰুৱায়।
বিবাহযাত্ৰী সকলে কাকানাইৰ বাসিন্দা লক্ষ্মণ সিঙৰ পুত্ৰ মনোজ সিঙৰ বিয়াৰ অনুষ্ঠানত অংশ লৈ উভতি অহাৰ পথতে সংঘটিত হয় দুৰ্ঘটনা। নিহত সকলক ককনাইৰ দণ্ডা আৰু কৌটি গাঁৱৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে।
নিহত সকলৰ ভিতৰত ১১ জনক লক্ষ্মণ সিং (৬১), কেদাৰ সিং (৬২), ঈশ্বৰ সিং (৪০), উমেদ সিং (৪৮), হায়াত সিং (৩৭), পুষ্প দেৱী (৫০), পুনি দেৱী (৫৫), ভাগৱতী দেৱী (৪৫), বাসন্তী দেৱী (৩৫), শ্যাম লাল (৫০) আৰু বিজয় লাল (৪৮) বুলি চিনাক্ত কৰা হৈছে। নিহত সকল দৰাৰ নিকটাত্মীয় বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাৰ কাৰণ এতিয়াও স্পষ্ট নহয় যদিও চালকে টোপনি যোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi) উত্তৰাখণ্ডত (Uttarakhand) সংঘটিত দুৰ্ঘটনাত শোক প্ৰকাশ কৰে আৰু দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়ৰ বাবে পিএমএনআৰএফৰ (PMNRF) পৰা ২ লাখ টকাৰ অনুদান ঘোষণা কৰে। আহতসকলক ৫০,০০০ টকা প্ৰদানৰ ঘোষণা কৰা হৈছে।
PM @narendramodi has announced an ex-gratia of Rs. 2 lakh each from PMNRF for the next of kin of those who lost their lives due to an accident in Uttarakhand. The injured would be given Rs. 50,000.
— PMO India (@PMOIndia) February 22, 2022
Photo: Google
Discussion about this post