মাঘৰ বিহুৰ উৰুকাৰ দিনটোতে সংঘটিত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাটোত (Bikaner-Guwahati Express) এইপৰ্যন্ত ৯ জনকৈ লোক নিহত (9 Person Died) হোৱা বুলি জানিব পৰা গৈছে। মৃত লোক কেইজনৰ ভিতৰত অসমৰ (2 Died From Assam) দুজন লোক আছে। দুৰ্ঘটনাটোত মৃত্যু হোৱা অসমৰ দুগৰাকী লোক ক্ৰমে ১২ বছৰীয়া কিশোৰী চাধি খাতুন আৰু আনগৰাকী গুৱাহাটীৰ ৬৮ বছৰীয়া শান্তা দেৱী বুলি চিনাক্ত কৰা হৈছে।
ইতিমধ্যে নিহতসকলক ৫ লাখ, আহতসকলক ২ লাখকৈ আৰু সামান্য আহতৰ বাবে ২৫ হাজাৰ টকা আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে।
উল্লেখ্য উৰুকাৰ দিনা পশ্চিমবংগৰ জলপাইগুড়িত (West Bengal Jalpaiguri) দুৰ্ঘটনাগ্ৰস্ত হয় গুৱাহাটী অভিমুখী ৰে’ল। ১২টাকৈ ডবা লাইনচ্যুত (Train derailed) হৈছিল গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছৰ। সেই ডবাকেইটাত আছিল সৰ্বমুঠ ৫৭৭ গৰাকী যাত্ৰী। ৰে’লখনত অসমৰ প্ৰায় ২৯০গৰাকী যাত্ৰী আছিল। এই যাত্ৰীসকলক বিশেষ ৰে’ল যোগে গুৱাহাটী ৰেলৱে ষ্টেচনলৈ (Guwahati Railway Station) লৈ অনা হৈছে। আনকি যাত্ৰীসকলৰ ষ্টেচনৰ পৰা বিশেষ বাছেৰে ঘৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। পৰিবহন বিভাগৰ তদাৰকত প্ৰেৰণ কৰা হ’ব যাত্ৰীসকলক।
দুৰ্ঘটনাটোত বৃহস্পতিবাৰে নিশা পৰ্যন্ত ৯ জন লোকে মৃত্যুক সাৱটি লৈছিল। সেইদৰে গুৰুতৰভাৱে আহত (Injured) হৈ হাস্পতালত ভৰ্তি হৈছিল ৪২জনকৈ যাত্ৰী।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/liquor-seeling-at-guwahati-2-75-crore-uruka-day/6081/
Discussion about this post