মঙলবাৰে দুপৰীয়া পশ্চিমবংগৰ (West Bengal) বীৰভূম জিলাত ৰাষ্ট্ৰীয় ঘাইপথ-৬০ত এখন অটোৰিক্সা আৰু ৰাজ্য পৰিবহনৰ এখন বাছৰ মাজত সংঘটিত ভয়ংকৰ খুন্দাত (Autorickshaw And A Bus Collision) ৮ গৰাকী মহিলা শ্ৰমিকসহ প্ৰায় ৯ গৰাকী লোকে হেৰুৱাই প্ৰাণ (9 People Including 8 Women Died In A Collision Between An Autorickshaw And Bus)। আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই কথা জানিবলৈ দিয়ে। ঘটনাটো ৰামপুৰহাটৰ ওচৰৰ মাল্লাৰপুৰত সংঘটিত হৈছিল যেতিয়া যাত্ৰীৰে ভৰ্তি অটোৰিক্সাখন দক্ষিণ বংগ ৰাজ্যিক পৰিবহন নিগমৰ (SBSTC) বাছৰ সৈতে সংঘৰ্ষ হৈছিল।
বীৰভূম জিলাৰ আৰক্ষী অধীক্ষক (এছপি) নগেন্দ্ৰ নাথ ত্ৰিপাঠীয়ে কৈছিল যে তিনিচকীয়া বাহনখনত আঠগৰাকী মহিলা যাত্ৰী আছিল আৰু নৱম ভুক্তভোগীজন ইয়াৰ চালক আছিল। মহিলাসকল ধানৰ পথাৰৰ পৰা ঘৰলৈ উভতি আহি আছিল। এছপিজনে কৈছিল যে আটাইকেইগৰাকীৰ মৃতদেহ আৰামবাগ চিকিৎসালয়লৈ লৈ যোৱা হৈছে, য’ত মৰণোত্তৰ পৰীক্ষা কৰা হ’ব। বাছখন আৰামবাগৰ পৰা দুৰ্গাপুৰলৈ গৈ আছিল যেতিয়া দুৰ্ঘটনাটো সংঘটিত হৈছিল।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-gooseberry-benefits-for-health/11012/
Discussion about this post