দেওবাৰে ৰাজস্থানৰ (Rajasthan) ৰাজধানী জয়পুৰৰ (Jaipur) পৰা আত্মহত্যাৰ (Commited Suicide) এটা আচৰিত ঘটনা পোহৰলৈ আহিছে। জয়পুৰৰ (Jaipur) চডালা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত ফুটালিয়া বাগত দেওবাৰে নিশা ৮ বজাত এগৰাকী মাতৃয়ে নিজৰ দুটি সন্তানক হত্যা (Murder) কৰি চিপ লৈ আত্মহত্যা (Suicide) কৰে। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোক হতবাক কৰি তুলিছে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তিনিটা মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে সোমবাৰে চিকিৎসা পৰিষদৰ পৰা মৃতদেহ কেইটাৰ মৰণোত্তৰ পৰীক্ষা কৰে। মহিলাগৰাকীক ৩৭ বছৰীয়া কান্যা দেৱী বুলি চিনাক্ত কৰা হৈছে। তেওঁ তেওঁৰ পুত্ৰ ৰোহিত (১২) আৰু পৱন (৮)ক হত্যা কৰিছে। কান্যা দেৱীৰ স্বামী মহাবীৰ প্ৰসাদ এজন অটো চালক। ঘটনাটোৰ সময়ত তেওঁ অটোখন মেৰামতি কৰোৱাবলৈ গৈছিল।
দেওবাৰে নিশা ৮ বজাত চুবুৰীয়াই দুৱাৰত ঢকিয়াইছিল। কেইবাৰো চেষ্টা কৰাৰ পাছতো দুৱাৰখন খোলা নাছিল। তেওঁ মহাবীৰ প্ৰসাদক ফোন কৰিছিল। তেওঁ কৈছিল যে তেওঁৰ পত্নী আৰু সন্তান কোঠাতে আছে। চুবুৰীয়াজনে কৈছিল যে তেওঁ দুৱাৰ ঢকিয়াই আছে, কিন্তু কোনেও খোলা নাই। ইয়াকে লৈ আৰক্ষীক ঘটনাস্থলীলৈ মাতিছিল। পুলিচে দুৱাৰখন ভাঙি দেখে যে কান্যা দেৱী ফেনত চিপ লৈ ওলমি আছে আৰু বিচনাত দুটিৰ শিশুৰ মৃতদেহ পৰি আছিল। দুয়োকে ডিঙি চেপি হত্যা কৰা হৈছিল। ঘটনাটোৰ পিছত আৰক্ষী বিষয়াসকলক অৱগত কৰা হৈছিল। তাৰ পিছত FSL আৰু অন্য দল তাত উপস্থিত হৈছিল।
আৰ্থিক অনাটন আৰু ঘৰুৱা কন্দলৰ পৰিণতি
আৰক্ষী বিষয়াসকলে কৈছিল যে পৱন আৰু ৰোহিত মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল। জন্মৰ পৰাই দুয়োৱে ঔষধ গ্ৰহণ কৰি আছিল। একে সময়তে, অৰ্থনৈতিক দুৰ্দশা আৰু ঘৰুৱা কন্দলো এই ঘটনাৰ আঁৰৰ কাৰণ হ’ব পাৰে।
Photo: lifeberrys
Discussion about this post