বিহাৰৰ (Bihar) পূৰ্ণিয়াৰ (Purnea District) পৰা এক কৰুণ ঘটনা (Tragic Incident) পোহৰলৈ আহিছে। য’ত স্কৰপিঅ’ গাড়ীখন পানীৰে ভৰ্তি পুখুৰীত বাগৰি পৰে (Scorpio Lost Control And Fell Into A Roadside Ditch)। এই ভয়ংকৰ পথ দুৰ্ঘটনাটোত ৯ গৰাকী (Nine Person Killed) লোকে প্ৰাণ হেৰুৱায়। আনহাতে দুজন লোক গুৰুতৰভাবে আহত হয় (Two Person Injured)। ঘটনাটো বাইচি অঞ্চলৰ (Baisi Sub-divisional) আনগড় গাঁৱত সংঘটিত হৈছিল। ঘটনাটো শনিবাৰে পুৱা প্ৰায় ৩ বজাত সংঘটিত হৈছিল। তথ্য অনুসৰি আটাইকেইজন লোক তিলক অনুষ্ঠানৰ পৰা নিজৰ গাঁও কিষাণগঞ্জৰ নুনিয়ালৈ উভতি আহি আছিল, তেতিয়া টাৰ্ণিঙত স্কৰপিঅ’খন পুখুৰীত সোমাই যায়। দুৰ্ঘটনাটো স্কৰপিঅ’ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত সংঘটিত হয়।
বাইচীৰ SDO কুমাৰী তৌচিয়ে কয় যে দুৰ্ঘটনাৰ চিকাৰ হোৱা আটাইকেইজন লোক বিয়াৰ দিন ঠিক কৰি খপৰা তাৰাবাৰীৰ পৰা কিষাণগঞ্জ জিলাৰ নুনিয়া গাঁৱলৈ উভতি গৈ আছিল। সেই সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। হঠাতে,মানুহেৰে ভৰ্তি স্কৰপিঅ’ গাড়ীখন পুখুৰীত বাগৰি পৰে য’ত এতিয়ালৈকে ৯ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ঘটনাটোত দুজন লোক আহত হয়।
पूर्णिया: पानी भरे गड्ढे में स्कॉर्पियो गिरने से किशनगंज के नौ लोगो की मौत
Full Video: https://t.co/qMihQfzmQW pic.twitter.com/NdWqBiAqf3
— Main Media / मैं मीडिया (@MainMediaHun) June 11, 2022
पूर्णिया में दर्दनाक सड़क हादसे में 9 लोगों की मौत, दो बाल-बाल बचे. बीती देर रात तिलक समारोह से किशनगंज लौट रही एक स्कॉर्पीओ गाड़ी इस तालाब नुमा गड्ढे में डूब गई. pic.twitter.com/WOAHZnPgZ7
— Utkarsh Singh (@UtkarshSingh_) June 11, 2022
আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহতসকলক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় আনহাতে মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়ৰ শৱগৃহত ৰখোৱা হৈছিল। কাঞ্জিয়া মুখিয়া সমৰেন্দ্ৰ ঘোষে কৈছিল যে ঘটনাটো শনিবাৰে (Saturday) পুৱা প্ৰায় ৩ বজাত সংঘটিত হৈছিল। হঠাতে স্কৰপিঅ’ গাড়ীখন পানীৰে ভৰ্তি পুখুৰী এটাত বাগৰি পৰে (Scorpio Lost Control And Fell Into A Roadside Ditch)। নিহতসকলৰ নামঃ গংগা প্ৰসাদ যাদৱ, তাণ্ডৱ লাল যাদৱ, কৰণ লাল যাদৱ, অমৰচন্দ যাদৱ, কালিচৰণ যাদৱ, ৰামকিষণ যাদৱ, গুলাব চান্দ যাদৱ আৰু মানিক লাল। আটাইকেইজন একেটা পৰিয়ালৰ।
মুখিয়াই কৈছিল যে মৃত আটাইকেইজন লোক কিষাণগঞ্জ (Kishanganj District) জিলাৰ বাসিন্দা। বাইছা চিঅ’ ৰাজশেখৰে কৈছিল যে বাহনখনৰ ভিতৰত আৰু এজন ব্যক্তি আৱদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে। ডুবাৰুসকলক মাতি অনা হৈছে। তেওঁলোকৰ সহায়ত, মানুহজনক বিচাৰি উলিওৱা হৈছে।
স্থানীয় ৰাইজে জনোৱা মতে, বাহনখনৰ তীব্ৰগতি আৰু চালকৰ গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হয়। ইফালে বিহাৰৰ মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়াললৈ ৪ লাখকৈ ক্ষতিপূৰণ ঘোষণা কৰিছে (Compensation Of Rs 4 Lakh Each For The Families Of The Deceased)।
Photo: Google
Discussion about this post