পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ পৰা খাদ্য সামগ্ৰীলৈ প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে (Protest Against Price Hike) জ্বলা-কলা খুৱাইছে সমগ্ৰ দেশবাসীক। বজাৰত বস্তুৰ জুই চাই দামৰ বিৰুদ্ধে দেওবাৰে পশ্চিমবংগৰ (West Bengal) ২৪ পৰগণাত (24 Pargana) তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছে (TMC Workers Protest)।
ৰাজপথত এখন মাৰুতি ভান জ্বলাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে। অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰোধিতা কৰি টিএমচিয়ে সাব্যস্ত কৰা এই প্ৰতিবাদৰ সময়ত ক’লা ধোঁৱাই ছানি ধৰে আকাশ।
তৃণমূল কংগ্ৰেছে কয় যে ইন্ধন আৰু ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ বাবে ঘৰৰ ৰান্ধনীশালত যি জুই লাগিছে, তাৰ সাংকেতিক প্ৰতিবাদ হিচাপে ৰাজপথত বিলাসী চাৰিচকীয়া বাহন জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰা হয়।
Photo: Google





























Discussion about this post