দেশজুৰি উদযাপন হ’ল ৭৬ সংখ্যক স্বাধীনতা দিৱস। আনন্দ-উলাহেৰে সমগ্ৰ দেশবাসীয়ে পালন কৰিলে এই দিৱস। কিন্তু স্বাধীনতাৰ ৭৫ বৰ্ষপূতি উদযাপনৰ এদিন পিছতে ভূস্বৰ্গ কাশ্মীৰত (Jammu And Kashmir) এক ভয়ংকৰ বাছ দুৰ্ঘটনাত (Horrific Bus Accident) শ্বহীদ (Martyred) হ’ল ৬ জনকৈ আইটিবিপিৰ জোৱান (Six ITBP Personnel Killed After Bus Falls Into River)।
জম্মু-কাশ্মীৰৰ পাহেলগামত (Pahalgam) ৩৯ জন জোৱানে যাত্ৰা কৰা এখন বাছ পাহাৰীয়া নৈত বাগৰি পৰাৰ ফলত থিতাতে নিহত হয় ৬জনকৈ জোৱান (Fell Into A River)। আনহাতে এই দুৰ্ঘটনাৰ পিছতে উদ্ধাৰ অভিযান চলাই উদ্ধাৰ কৰা হয় ৩৩ জন জোৱানক। গুৰুতৰভাৱে আহত জোৱানসকলক পৰৱৰ্তী সময়ত হেলিকপ্টাৰযোগে শ্ৰীনগৰস্থিত সেনাৰ চিকিৎসালয়লৈ (Army hospital, Srinagar) প্ৰেৰণ কৰা হয়।
In a road #accident near Chandanwari Pahalgam in #Anantnag district, 6 ITBP personnel got #martyred while as several others got injured, who are being #airlifted to Army hospital, Srinagar for treatment. Further details shall follow.@JmuKmrPolice
— Kashmir Zone Police (@KashmirPolice) August 16, 2022
#WATCH Bus carrying 37 ITBP personnel and two J&K Police personnel falls into riverbed in Pahalgam after its brakes reportedly failed, casualties feared#JammuAndKashmir pic.twitter.com/r66lQztfKu
— ANI (@ANI) August 16, 2022
জানিব পৰা মতে, সেনাৰ বাছখনে পাহেলগামৰ সমীপৰ চন্দনৱাৰীৰ জিগ ম’ৰ ফ্ৰীছলানত ব্ৰেক ফেইল হৈ ওচৰৰ পাহাৰীয়া নৈত বাগৰি পৰে (Skidded Down A Road)। আটিবিপিৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত ৩৯জন জোৱান আছিল। দুৰ্ঘটনাটোৰ ফলত ৬জন জোৱানৰ থিতাতে মৃত্যু ঘটে। আনহাতে ৩৩জন জোৱান গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।
আইটিবিপিৰ জোৱানসকলে-কৰ্মীসকলে অমৰনাথ যাত্ৰীৰ ডিউটি সম্পূৰ্ণ কৰাৰ পিছত উভতি আহি আছিল। ব্ৰেক ফেইল হোৱা বাবে দুৰ্ঘটনাত পতিত হয় বাছখন।
ইফালে, দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে সেনা, আৰক্ষী আৰু দুৰ্যোগ সঁহাৰি বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে। ক্ষীপ্ৰতাৰে ১৯খন এম্বুলেঞ্চ সেই স্থানত উপস্থিত হয়।
আহতসকলক অনন্তনাগ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সামান্য আঘাতপ্ৰাপ্ত ৩ জন জোৱানক জিলা চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয়।
খবৰ অনুসৰি গুৰুতৰভাৱে আহত সকলক হেলিকপ্টাৰেৰে শ্ৰীনগৰলৈ লৈ যোৱা হৈছে। শ্ৰীনগৰস্থিত সেনাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে জোৱান সকলক।
Photo: Google
Published By: Dulu Medhi
Discussion about this post