টিভিৰ প্ৰবীণ অভিনেত্ৰী সুৰেখা চিক্ৰীৰ ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মেনেজাৰে কয় যে তেওঁ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।
অভিনেত্ৰীগৰাকী দীৰ্ঘদিন ধৰি অসুস্থ আছিল। ২০১৮ চনত পক্ষাঘাতত ভুগিছিল তেখেত আৰু ২০২০ত মগজুৰ ষ্ট্ৰোক হৈছিল।
তেওঁৰ মৃত্যুৰ পিছত, তেওঁৰ মেনেজাৰে এক বিবৃতি জাৰি কৰি কয় যে, “সুৰেখা চিক্ৰীৰ আজি পুৱা হৃদৰোগত আক্ৰান্ত হৈ ৭৫ বছৰ বয়সত মৃত্যু হয়। দ্বিতীয়বাৰৰ বাবে মগজুৰ ষ্ট্ৰোকৰ বাবে অসুস্থ হৈ পৰিছিল। সুৰেখা চিক্ৰী শেষ মুহূৰ্তত পৰিয়ালৰ সৈতে আছিল।
সুৰেখাই তিনিবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে
সুৰেখা চিক্ৰীয়ে তিনিবাৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে। তেওঁক চলচ্চিত্ৰ তমচ ১৯৮৮, মাম্মো (১৯৯৫) আৰু বধাই হো (২০১৮)ৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছিল।
সুৰেখা চিক্ৰীয়ে বধাই হো আৰু বালিকা বধুৰ দৰে কেইবাখনো হিট আৰু জনপ্ৰিয় চলচ্চিত্ৰ, ধাৰাবাহিকত স্মৰণীয় চৰিত্ৰত অভিনয় কৰিছে। সুৰেখা চিক্ৰীক শেষবাৰৰ বাবে নেটফ্লিক্সত মুক্তি পোৱা ঘোষ্ট ষ্ট’ৰীজ চলচ্চিত্ৰত দেখা গৈছিল।
উত্তৰ প্ৰদেশত জন্মগ্ৰহণ কৰা সুৰেখাই তেওঁৰ শৈশৱ আলমোৰা আৰু নেনীতালত অতিবাহিত কৰিছিল।
অভিনেত্ৰীগৰাকীয়ে আলিগড় মুছলিম বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল যাৰ পিছত তেওঁ দিল্লীৰ নেচনেল স্কুল অৱ ড্ৰামাত যোগদান কৰিছিল। সুৰেখাই ১৯৮৯ চনত সংগীত নাটক একাডেমী বঁটাও লাভ কৰিছে।
পৰিয়ালৰ বিষয়ে
সুৰেখা চিক্ৰীৰ পিতৃ বায়ু সেনাত আছিল আৰু তেখেতৰ মাতৃ এগৰাকী শিক্ষক আছিল। তেওঁ হেমন্ত ৰেগেৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁৰ এটি পুত্ৰ ৰাহুল চিক্ৰী। ৰাহুল চিক্ৰী মুম্বাইত আছে আৰু তেওঁ এজন শিল্পী।
অভিনেতা নাছিৰুদ্দিন শ্বাহ সম্পৰ্কত সুৰেখা চিক্ৰিৰ দেওৰেক হয়। সুৰেখাৰ ভগ্নী মানাৰা চিক্ৰী নাছিৰুদ্দিনৰ প্ৰথম বিবাহ হৈছিল।
চলচ্চিত্ৰ কেৰিয়াৰ
সুৰেখা চিক্ৰীয়ে দাদীৰ চৰিত্ৰসমূহৰ পৰা লাভ কৰিছিল বেছিভাগ খ্যাতি। সুৰেখা চিক্ৰীয়ে বালিকা বধুত দাদী ছা (কল্যাণী দেৱী ধৰমবীৰ সিং)ৰ চৰিত্ৰত অভিনয় কৰিছিল য’ত তেওঁক যথেষ্ট ভাল পাইছিল।
ধাৰাবাহিকখন ২০০৮ চনৰ পৰা ২০১৬ চনলৈ প্ৰচাৰিত হৈছিল। লগতে পৰদেশ, চিআইডি, সাত ফেৰে, বনেগি আপনি বাতেৰ দৰে বহুতো ধাৰাবাহিকত তেখেতক আইতাৰ স্মৰণীয় চৰিত্ৰত অভিনয় কৰিছিল।
চলচ্চিত্ৰত, তেখেতে ১৯৭৮ চনত ‘কিচ্চা কুৰ্ছী কা’ৰ পৰা খোজ দিছিল। তাৰ পিছত তেওঁ তমচ (১৯৮৬), লিটিল বুদ্ধা (১৯৯৩), মাম্মো (১৯৯৪), নাছিম (১৯৯৫), চৰফৰোছ, দিল্লগী(১৯৯৯), জুবেইদা (২০০১), তুম চা নহী দেখা(২০০৪), দেৱ.ডি (২০০৯), হমকো দিৱানা কৰ গয়ে(২০০৬) আৰু বধাই হো (২০১৮)ৰ দৰে বহু চলচ্চিত্ৰত দেখা পোৱা গৈছিল।
Photo: Google
Discussion about this post