গুজৰাটৰ (Gujrat) চুৰাটত (Surat) দুমাহ আগতে সংঘটিত আত্মহত্যাৰ (Suicide Case) ঘটনাটোত এক আচৰিত কথা প্ৰকাশ পাইছে। দৰাচলতে, উধনা (Udhana) অঞ্চলত যুৱকজনে ঘৰত ফাঁচী লগাই আত্মহত্যা (Suicide Case) কৰিছিল। সেই সময়ত আৰক্ষীয়ে মৃতকৰ পৰা কোনো ছুইচাইড নোট (Suicide Note) পোৱা নাছিল। সেয়েহে তেওঁলোকে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছিল আৰু পৰিয়ালক গতাই দিছিল। কিন্তু দুমাহৰ পিছত মৃতকৰ এটা ফেচবুক পোষ্ট (Viral Facebook Post) তেওঁৰ পৰিচিত কোনোবাই দেখা পাইছিল। সি লগে লগে আৰক্ষীক পোষ্টটোৰ বিষয়ে অৱগত কৰিছিল।
আৰক্ষীয়ে ফেচবুক পোষ্টৰ জৰিয়তে জানিব পাৰিছিল যে যুৱকজনে কিয় আত্মহত্যা কৰিছিল। দৰাচলতে, আৰক্ষীয়ে লাভ কৰা ফেচবুক পোষ্টত মৃত যুৱকজনে কৈছিল যে তাৰ পত্নী আৰু তাইৰ ভায়েকে তাক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱাইছিল। মৃত যুৱকজনৰ নাম আছিল ৰোহিত ৰাজপুত। ৰোহিতে মৃত্যুৰ পূৰ্বে এটা ছুইচাইড নোট (Suicide Note) লিখি ফেচবুকত পোষ্ট কৰিছিল। কিন্তু ইয়াত কোনোৱে গুৰুত্ব দিয়া নাছিল।
আৰক্ষীয়ে কৈছিল যে ছুইচাইড নোটত ৰোহিতে লিখিছিল যে তাৰ পত্নী আৰু ভায়েকে তাক গোমাংস (Beef Meat) খাবলৈ বাধ্য কৰোৱাইছিল। যেতিয়া যুৱকজনে গোমাংস খাবলৈ অস্বীকাৰ কৰিছিল তেতিয়া তেওঁলোকে হত্যা কৰাৰ ভাবুকি দিছিল। বৰ্তমান ছুইচাইড নোটৰ আধাৰত উধনা থানা আৰক্ষীয়ে মৃতকৰ পত্নী আৰু খুলশালীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।
ৰোহিতে ছুইচাইড নোটত লিখিছিল, “আজি মই এই পৃথিৱী এৰি গুচি গৈ আছো। মোৰ মৃত্যুৰ কাৰণ মোৰ পত্নী সোনম আৰু তাইৰ ভায়েক আখটাৰ আলী। মোৰ সকলো বন্ধুবৰ্গক অনুৰোধ জনাইছো যে মোক ন্যায় দিব। মোক মৃত্যুৰ ভাবুকি দি গৰুৰ মাংস খুৱাইছিল। মই আৰু এই পৃথিৱীত জীয়াই থকাৰ যোগ্য নহয়। সেইকাৰণে মই আত্মহত্যা কৰিবলৈ গৈ আছো। আপোনালোকৰ সকলোৰে ৰোহিত সিং।”
ঘৰৰ বিৰুদ্ধে গৈ ৰোহিতে বিয়া কৰোৱাইছিল
মৃতক ৰোহিতৰ পৰিয়ালে ক’লে যে উধনা অঞ্চলৰ পেটেল নগৰ ছছাইটীত বাস কৰা ৰোহিত অজিত প্ৰতাপ সিঙে ২৭ জুনত দুপৰীয়া ২.৩০ বজাত ঘৰত ফাঁচী লগাই আত্মহত্যা কৰিছিল। ৰোহিত ৰাজপুত উধনা এলেকাত বাস কৰা ছোনম আলী নামৰ এগৰাকী যুৱতীৰ সৈতে সেই সময়ত সম্পৰ্কত আহিছিল যেতিয়া দুয়োয়ে একেখন কৰ্মস্থলীতে কাম কৰিছিল। ইয়াৰ পিছত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আৰম্ভ হৈছিল। দুয়ো বিয়া কৰোৱাব বিচাৰিছিল কিন্তু ছোনম আন ধৰ্মৰ আছিল, যাৰ বাবে ৰোহিতৰ পৰিয়াল বিয়াৰ বিৰুদ্ধে আছিল। তাৰ পিছত ৰোহিতে পৰিয়ালৰ বিৰুদ্ধে গৈ বিয়া কৰোৱাইছিল।
ইযাৰ বাবে ৰোহিতৰ পৰিয়ালে তাৰ সৈতে সম্পৰ্ক ভংগ কৰিছিল। তাৰ পিছত ৰোহিতে ভাড়া ঘৰতে থাকিব লৈছিল। বিয়াৰ পিছত পত্নী আৰু তাইৰ ভায়েকে মিলি তাৰ ওপৰত যথেষ্ট অত্যাচাৰ (Physically Harasment) চলাইছিল।
Photo: AAJ Tak
Discussion about this post