নিজৰ কৰ্তব্য সম্পাদন কৰিবলৈ গৈ মধ্যপ্ৰদেশত (MadhyaPradesh) চোৰাং চিকাৰীৰ গুলীত শ্বহীদ হ’ল তিনিগৰাকীকৈ আৰক্ষী (Three Police Shot Dead By Poachers)। মধ্যপ্ৰদেশৰ গুনাত (Gunna) সংঘটিত এই শোকাৱহ ঘটনাই (Tragic Incident) চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সুৰক্ষা কৰ্মীৰ নিৰাপত্তাক লৈওক প্ৰশ্নৰ উত্থাপন কৰিছে।
ইফালে শনিবাৰে পুৱতি নিশা সংঘটিত এই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে (Shivraj Singh Chouhan) এক জৰুৰী বৈঠকৰ আহ্বান কৰে। ইতিমধ্যে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ গোৱালিয়ৰৰ আইজি অনিল শৰ্মাক বদলি কৰা হৈছে। সময়ত ঘটনাস্থলীত উপস্থিত নোহোৱা বাবে অনিল শৰ্মাক বদলি কৰা হৈছে।
মুখ্যমন্ত্ৰীয়ে ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে শ্বহীদ জোৱান কেইগৰাকীৰ পৰিয়াললৈ এক কোটি টকাকৈ আৰ্থিক সাহায্য আৰু এটাকৈ চৰকাৰী চাকৰি প্ৰদানৰ ঘোষণা কৰিছে।
জানিব পৰা মতে, শুকুৰবাৰে নিশা গুণাৰ (Gunna) চাগা বৰখেদা অঞ্চলত ক’লা হৰিণৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাইছিল আৰক্ষীয়ে। এই অভিযান কালত ৪-৫জনীয়া চোৰাং চিকাৰীৰ দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰাত আৰক্ষীয়েও প্ৰত্যুত্তৰ দিয়ে। এই ঘটনাটো নিশা ৪ বজাত সংঘটিত হৈছিল।
কিন্তু চোৰাং চিকাৰী আৰু আৰক্ষীৰ সংঘৰ্ষৰ মাজতে গুলীবিদ্ধ হৈ শ্বহীদ (Martyred) হয় আৰক্ষীৰ উপ-পৰিদৰ্শক ৰাজকুমাৰ জাটভ (SI Rajkumar Jatav), হেড কনিষ্টবল শান্তাৰাম মীনা (Santram) আৰু কনিষ্টবল নীৰজ ভাৰ্গৱে (Niraj Bhargav)।
বাতৰি অনুসৰি, হাতত গুলী লগাৰ পিছতো এছআই ৰাজকুমাৰ জাটভে বহু সময় ধৰি ৰাউণ্ড ফায়াৰিং কৰি দুৰ্বৃত্তৰ দলটোক প্ৰতিহত কৰিবলৈ চেষ্টা কৰে। কিন্তু অধিক ৰক্তক্ষৰণৰ ফলত অৱশেষত তেওঁৱো প্ৰাণ হেৰুৱায়। সংঘৰ্ষত আৰক্ষীৰ বাহন চালকজনো গুৰুতৰভাৱে আহত হয়। ইফালে আৰক্ষীৰ প্ৰত্যুত্তৰত এজন চোৰাং চিকাৰীও নিহত (Poachers Died) হোৱা বুলি জানিব পৰা গৈছে। নিহত চোৰাং চিকাৰীজনক নৌশাদ মেৱাতী বুলি চিনাক্ত কৰা হৈছে।
মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে (Chief Minister Shivraj Singh Chouhan) প্ৰকাশ কৰা মতে, অভিযুক্ত চোৰাং চিকাৰীৰ দলটোৰ চিনাক্তকৰণ কৰা হৈছে আৰু আৰক্ষীয়ে তীব্ৰগতিত অভিযান অব্যাহত ৰাখিছে। আৰক্ষীয়ে চোৰাং চিকাৰীৰ দলটোৰ পৰা ৫টা হৰিণ আৰু এটা ময়ুৰৰ অৱশেষ জব্দ কৰিবলৈ সক্ষম হৈছে। ইফালে শ্বহীদ আৰক্ষী কেইজনৰ অন্তিম সংস্কাৰ সামৰিক মৰ্যাদাৰে সম্পন্ন কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, শ্বহীদ কেইগৰাকীৰ অন্তিম সংস্কাৰত নিজ নিজ জিলাৰ প্ৰভাৰী মন্ত্ৰীসকলেও ভাগ ল’ব।
মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে (Chief Minister Shivraj Singh Chouhan) এখন জৰুৰী বৈঠকৰ পিছত কৈছিল যে চোৰাং চিকাৰীৰ বিৰুদ্ধে যুঁজ দি আমাৰ আৰক্ষী বন্ধুসকলে নিজৰ প্ৰাণ ত্যাগ কৰিছে। এই ঘটনাত, দোষী অপৰাধীসকলৰ বিৰুদ্ধে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব যি ইতিহাসত এক উদাহৰণ স্থাপন কৰিব।
Photo: Google
Discussion about this post