Kanpur Pitbull Dog Viral Video: কানপুৰত (Kanpur) পিটবুলৰ গৰুৰ (Pitbull Dog Attack Cow) ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ পিছতে বিষয়াসকলে বিষয়টো বিবেচনা কৰিছে। পৌৰ নিগমৰ মুখ্য পশু চিকিৎসা বিষয়াক ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়। মুখ্য পশু চিকিৎসা বিষয়া ডাঃ আৰ কে নিৰঞ্জন ঘটনাস্থলীত উপস্থিত হৈ ঘটনাটোৰ তদন্ত কৰে। তেওঁ আঘাতপ্ৰাপ্ত গৰুটোক চিকিৎসা কৰোৱায়। লগতে গৰুটোৰ ওপৰত আক্ৰমণ কৰা পিটবুল কুকুৰটোক ধৰি পৌৰ নিগম চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।
স্থানীয় লোকে কোৱা অনুসৰি পিটবুল কুকুৰটোৱে বহুবাৰ গৰুক আক্ৰমণ কৰিছে। কেইবাটাও গোচৰ ৰুজু কৰা হৈছিল কিন্তু কুকুৰৰ মালিকৰ দাদাগিৰিৰ বাবে কেতিয়াও কোনো ব্যৱস্থা লোৱা হোৱা নাছিল। এগৰাকী আৰক্ষী বিষয়াই কোৱা অনুসৰি কুকুৰটোৰ পঞ্জীয়ন আৰু ভেকচিনেচন কৰোৱা হৈছে। তেওঁ ক’লে যে নিয়মানুসৰি ব্য়ৱস্থা গ্ৰহণ কৰা হ’ব।
Photo: Zee News
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/never-donate-these-things-to-kinnar/11948/
Discussion about this post