মধ্যপ্ৰদেশৰ (Madhyapradesh) ইন্দোৰৰ খাণ্ডৱা পথত (Indore-Khandwa Road) এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়। এখন যাত্ৰীবাহী বাছ ৫০ ফুট দ’ খাৱৈত বাগৰি পৰে (Bus Falls Into 50 feet Deep Gorge)। দুৰ্ঘটনাটোত প্ৰায় ৫ গৰাকী লোকে কৰুণ মৃত্যুক (5 People Were Killed) সাৱটি লয়। ১৭ গৰাকী লোক গুৰুতৰভাবে আহত (17 People Injured) হয়। ঘটনাটোৰ পিছত মুখ্য়মন্ত্ৰী শিৱৰাজ সিং চৌহানে (CM Shivraj Singh Chauhan) দুৰ্ঘনাটোত টুইট কৰি শোকপ্ৰকাশ কৰে। নিহত সকলক ৪লাখ টকাকৈ আৰু আহত সকল ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদানৰ ঘোষণা কৰিছে। সমান্তৰালভাৱে আহত সকলক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।
ঘটনাটো চিমৰোল আৰক্ষী থানা (Simrol Police Station) অঞ্চলত সংঘটিত। ইন্দোৰৰ পৰা খাণ্ডৱালৈ গৈ থকা যাত্ৰীবাহী বাছ ভৈৰৱ ঘাটত (Bhairav Ghat) নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে (The Driver Lost Control And The Bus Fell Into A Gorge)। বাগৰি পৰাৰ পিছত বাছখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়।
@shivadityasingh Please raise this from your end, how long such accidents will keep happening on Indore iachchapur highway.
Is there any government body who could take action to prevent these accidents. pic.twitter.com/EeRGN0JP4t— pravesh chourey🇮🇳 (@praveshchourey) June 23, 2022
বাছখনত প্ৰায় ৫০ গৰাকী যাত্ৰী আছিল। দুৰ্ঘটনাটোত ৫ গৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লয় আৰু প্ৰায় ১৭ গৰাকী লোক গুৰুতৰভাবে আহত হয়। ঘটনাটোৰ খবৰ পোৱা মাত্ৰকেই ১০৮ আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আহতসকলক চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা হয়। বাছত আৱদ্ধ হৈ থকা যাত্ৰীসকলক ওলাই আনিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়। ঘটনাস্থলীতে চিঞৰ-বাখৰ আৰম্ভ হৈ যায়।
ঘটনাটোৰ পিছতে ঘাটত যান-জঁটৰ সৃষ্টি হয়। ঘটনাস্থলীত বৃহৎ সংখ্যক লোক উপস্থিত হয়। কিছুমান লোক তলত নামি যায় আৰু আহতসকলক উদ্ধাৰ কৰিবলৈ সহায় কৰে।
দুৰ্ঘটনাটোত বহুকেইজন লোক বাছৰ তলত আৱদ্ধ হৈ থাকে। দুৰ্ঘটনাটোৰ পিছত বাছখন সম্পূৰ্ণৰূপে ওলোটা হৈ যায়।
Photo: Google
Published By: Dulu Medhi
Discussion about this post