বায়ু চোৰাংচোৱা গোটে যাত্ৰীৰ পৰা ৩০২ গ্ৰাম সোণ জব্দ কৰে। যিয়ে মূল্যৱান ধাতুবিধ অভিনৱ উপায়েৰে চোৰাং কৈ অনাৰ চেষ্টা কৰিছিল। বায়ু চোৰাংচোৱা গোটৰ সৈতে কাম কৰা শুল্ক বিভাগে কেৰালাৰ কান্নুৰ বিমানবন্দৰত পেণ্টৰ তৰপৰ মাজত পেষ্টৰ ৰূপত অনা সোণ জব্দ কৰে।
ANIৰ অনুসৰি, “কান্নুৰ বিমানবন্দৰৰ এয়াৰ ইণ্টেলিজেঞ্চ ইউনিটে এজন যাত্ৰীয়ে পিন্ধা দুটা তৰপৰ পেণ্টৰ ভিতৰত লুকুৱাই ৰখা অতি পাতল পেষ্টৰ ৰূপত ৩০২ গ্ৰাম সোণ জব্দ কৰিছে।
সংবাদ সংস্থাটোৱে শ্বেয়াৰ কৰা ছবিখনত, পেণ্টটো দুটা কৈ কটা হৈছিল আৰু কাপোৰৰ টুকুৰা এটাত সোণালী হালধীয়া পেষ্ট লেপন কৰা দেখা গৈছে।
অভিযুক্তৰ দ্বাৰা সোণখিনি যিদৰে চোৰাংকৈ সৰবৰাহ কৰা হৈছিল সেয়া দেখি সকলো আচৰিত হৈছিল। ছবিখন শ্বেয়াৰ কৰাৰ লগে লগে, টুইটাৰ ব্যৱহাৰকাৰীসকলে জানিবলৈ বিচাৰিছিল যে, কেনেদৰে শুল্ক বিষয়াসকলে এই ঘটনাটো উলিয়াব পাৰিছিল।
Air Intelligence Unit at Kannur airport has seized 302 grams of gold in the form of a very thin paste, concealed within the double-layered pants worn by a passenger: Customs Preventive Unit, Kochi in Kerala pic.twitter.com/XYf3V6TJMz
— ANI (@ANI) August 30, 2021
এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়,
Like the whole pant won’t go off when they pass the metal detector 😑 smh! Gold is a metal, passing through any metal detector in any form will make it go off! Smh https://t.co/5TwVdJWjEK
— indifferent (@unlimitedbanter) August 30, 2021
আন এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে কৈছিল,
Omg 😱 this has blown my mind .. this is innovative and #jugaad of another level .. creativity in a destructive manner https://t.co/Afo43hRGjF
— Hari Ganga (@HariGanga9) August 30, 2021
সোণ চুৰি কৰাৰ এই নতুন ধৰণ সামাজিক মাধ্যমত প্ৰচাৰিত হোৱাৰ পাছতে ভাইৰেল হৈ পৰে।
অধিকাংশ সামাজিক মাধ্যম ব্যাৱহাৰকাৰীয়ে ব্যক্তিগৰাকীৰ কৌশল উদ্ভাৱনী প্ৰতিভাক প্ৰশংসা কৰে।
উল্লেখযোগ্য যে, ভাৰতত বিভিন্ন কৌশলেৰে সোণ চুৰি কৰিব চেষ্টা কৰি অহাৰ বিভিন্ন খবৰ প্ৰকাশ পাই আহিছে।
Photo: Twitter
Discussion about this post