কেৰেলাত “নিপাহ” (Nipah) ভাইৰাছৰ বাবে মৃত্যুক আঁকোৱালি ল’লে দুজনকৈ ব্যক্তিয়ে। জানিব পৰা অনুসৰি কোজিকোড (Kozhikode) জিলাৰ দুজন ব্যক্তিয়ে “নিপাহ” (Nipah) ভাইৰাছৰ ফলত মৃত্যু মুখত পৰে।
এই কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই। উল্লেখ্য যে, সোমবাৰৰ দিনটোত উক্ত ব্যক্তি দুজনে অস্বাভাৱিকভাবে মৃত্যুক আঁকোৱালি লোৱাত জিলাব্যাপী স্বাস্থ্য সতৰ্কতা জাৰি কৰিছিল। এই সতৰ্কতা জাৰি কৰাৰ কেইঘণ্টামান পিছতে স্বাস্থ্য বিভাগে প্ৰদান কৰা নিশ্চিতি অনুসৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে “নিপাহ” ভাইৰাছৰ বাবে মৃত্যু হোৱা বুলি আনুষ্ঠানিক ঘোষণা কৰে।
নিপাহ ভাইৰাছ কেনেকৈ হয়?
বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি বাদুলিৰ (fruit bats) দ্বাৰা নিপাহ ভাইৰাছ সৃষ্টি হয় আৰু ই মানুহৰ লগতে জীৱ-জন্তুৰ বাবেও মাৰাত্মক হোৱাৰ সম্ভাৱনা থাকে।
নিপাহ ভাইৰাছৰ সংক্ৰমণ মানুহলৈ, সংক্ৰমিত লোকৰ লগত শাৰীৰিক সংস্পৰ্শৰ জৰিয়তে হ’ব পাৰে, বিশেষকৈ শৰীৰৰ তৰল পদাৰ্থৰ ( body fluids) সংস্পৰ্শৰ দ্বাৰা। বাদুলিৰ প্ৰস্ৰাৱ বা লালতিৰ দ্বাৰা দূষিত কেঁচা খেজুৰৰ ৰস খোৱাৰ জৰিয়তেও সংক্ৰমণ হ’ব পাৰে।
নিপাহ ভাইৰাছৰ লক্ষণ সমূহ –
শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লগতে এই ভাইৰাছৰ ফলত জ্বৰ, মূৰৰ বিষ, কাহ, পেশীৰ বিষ, মূৰ ঘূৰোৱা, বমি হোৱা আদিও হ’ব পাৰে।
Discussion about this post