উত্তৰ প্ৰদেশৰ কুশীনগৰ (Kushinagar) জিলাৰ পদাৰুণা কোতৱালী অঞ্চলৰ জাৰাৰ গাঁৱত তান্ত্ৰিকে ভূত খেদোৱাৰ নামত এটি কণমানিক ইমান বেয়াকৈ প্ৰহাৰ কৰিছিল যে কণমানিটিয়ে হেৰুৱাবলগীয়া হ’ল প্ৰাণ। প্ৰত্যক্ষদৰ্শীৰ মতে, তান্ত্ৰিকে ৰোগত ভুগী থকা শিশুটিক আৰোগ্য কৰাৰ নামত জোতাৰে মুখত মাৰিছিল। কেৱল সেয়াই নহয়, কণমানিটিৰ মুখত ঠেলি ঠেলি জোতাও ভৰাই দিছিল, যাৰ ফলত যন্ত্ৰণাত শিশুটিয়ে হেৰুৱালে প্ৰাণ।
অত্যাধিক দৰিদ্ৰতাত বাস কৰা এই পৰিয়ালটোৰ দুখ তাতেই কম হোৱা নাছিল। ইফালে ৪ বছৰীয়া কণমানি পুত্ৰৰ মৃত্যু ঘটিছিল আৰু আনফালে চিকিৎসাৰ অভাৱত কন্য়াৰো মৃত্যু হৈছিল। একেসময়তে দুটি শিশুৰ মৃত্যুৱে পৰিয়ালটোৰ ওপৰত দুৰ্যোগৰ পাহাৰ ভাঙি পেলাইছিল। অত্যাধিক দৰিদ্ৰতাত বাস কৰি কৰা এই পৰিয়ালটোৰ কফনৰ বাবেও ধন নাছিল, যাৰ পিছত গাওঁবাসীয়ে চান্দা তুলি দুটি শিশুৰে অন্তিম সংস্কাৰ সম্পন্ন কৰিছিল।
পদাৰুণা কোতৱালীৰ জাৰাৰ গাঁৱৰ বাসিন্দা ওম প্ৰকাশ ৰাজভৰৰ ৪ বছৰীয়া কণমানি নীতিশ কেইবাদিনো ধৰি জ্বৰ আৰু বমি-ডায়েৰিয়াত ভুগি আছিল। পৰিয়ালৰ সদস্যসকলে এজন সাধাৰণ চিকিৎসকৰ পৰা চিকিৎসা কৰোৱাই আছিল, কিন্তু স্বাস্থ্যৰ উন্নতি হোৱা নাছিল। যেতিয়া শিশুটোৰ স্বাস্থ্যৰ অৱনতি হ’বলৈ আৰম্ভ কৰিছিল তেতিয়া পৰিয়ালৰ সদস্যসকল চিন্তিত হৈ পৰিছিল।
যাৰ পিছত গাওঁখনৰ এগৰাকী মহিলাই জৰা-ফুকা কৰি শিশুটোক আৰোগ্য কৰি তুলিম বুলি দাবী কৰিছিল। মহিলাগৰাকীৰ দাবীত পৰিয়ালটো মান্তি হৈছিল। মহিলাগৰাকীয়ে তেতিয়া বিহাৰৰ এজন তান্ত্ৰিক দম্পতীক মাতিছিল আৰু জৰা-ফুকা কৰিবলৈ আৰম্ভ কৰিছিল।
জৰা-ফুকাৰ সময়ত শিশুটিৰ অৱস্থা গুৰুতৰ হৈ পৰিছিল, কিন্তু তাক চিকিৎসকৰ ওচৰলৈ লৈ যোৱাৰ পৰিৱৰ্তে, তেওঁলোকে কেইবা ঘণ্টাধৰি জৰা-ফুকা কৰি থাকিল। ভূত খেদাৰ নামত, নিৰীহ শিশুটিক জোতাৰে প্ৰহাৰ কৰা হৈছিল আৰু তাৰ মুখত জোতা ভৰাই দিয়া হৈছিল। যাৰ ফলত নিৰীহ শিশুটিয়ে আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে।
দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে
কণমানি শিশুটিৰ মৃত্যুৰ পিছত গাওঁবাসীয়ে আৰক্ষীক খবৰ দিছিল যাৰ পিছত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছিল কিন্তু তান্ত্ৰিক ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল। পদাৰুণাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক নিৰ্ভয় সিঙে কৈছিল যে দুগৰাকী মহিলাক আৰক্ষীৰ জিম্মাত লোৱা হৈছে।
Photo: News18
Discussion about this post