Watch Viral Video: এজন যুৱকে ৰে’লৰ প্লেটফৰ্মত শুই থকা তেওঁৰ পত্নীক জগাই আৰু ট্ৰেকত আহি থকা ৰে’লৰ সন্মুখত ঠেলা মাৰি দিয়ে (Man Who Brutally Killed Wife By Pushing Her Before Moving Train)। এই ঘটনাটোত ৩০ বছৰীয়া মহিলাগৰাকীয়ে থিতাতে প্ৰাণ হেৰুৱায় (30 Years Old Womwn Died)। অভিযুক্ত যুৱকজনে তেওঁৰ দুই সন্তানৰ সৈতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। এই ভয়ংকৰ ঘটনাটো প্লেটফৰ্মত স্থাপন কৰা চিচিটিভিত বন্দী (CCTV Footage) হৈছিল। যেতিয়া আৰক্ষীয়ে ৰে’লৰ খুন্দাত মহিলাগৰাকীৰ মৃত্যু হোৱাৰ খবৰ পাইছিল তেতিয়া চিচিটিভি পৰীক্ষা কৰা হৈছিল। য’ত অভিযুক্তজনে তেওঁৰ পত্নীক ৰে’লৰ সন্মুখত ঠেলা মাৰি দিয়া দেখা গৈছে। আৰক্ষীয়ে অভিযুক্তক সন্ধানৰ অভিযান আৰম্ভ কৰিছে।
Watch Viral Video:
গাৰ নোম শিঁয়ৰি উঠোৱা এই ঘটনাটো মহাৰাষ্ট্ৰৰ (Maharashtra) পালঘৰ জিলাৰ বছই ৰোড ৰে’ল ষ্টেচনত (Vasai Road Railway Station) সংঘটিত হৈছিল। ৰে’লৱে ষ্টেচনৰ ৫ নম্বৰৰ প্লেটফৰ্মত এজন যুৱক পত্নী আৰু দুটি সন্তানৰ সৈতে উপস্থিত আছিল। ঘটনাটো সোমবাৰে পুৱা প্ৰায় ৪ বজাত সংঘটিত হৈছিল। চিচিটিভিত দেখা পোৱা গৈছে যে এজন যুৱকক প্লেটফৰ্মত ঘূৰি ফুৰা দেখা গৈছে। যুৱকজনে প্লেটফৰ্মলৈ অহা ৰে’লখনৰ ওপৰত চকু ৰাখি থকা দেখা পোৱা গৈছে।
ৰে’লখন ওচৰ চাপি অহা দেখি তেওঁ তেওঁৰ সন্তানৰ সৈতে শুই থকা পত্নীক জগায়। যেতিয়াই ৰে’লখন ওচৰ চাপি আহে তেতিয়াই যুৱকজনে তেওঁৰ পত্নীক ট্ৰেকত পেলাই দিয়ে। ৰে’লৰ সন্মুখত আহি যোৱা বাবে মহিলাগৰাকীৰ মৃত্যু হয়। অভিযুক্ত যুৱকজনে তেওঁৰ দুই সন্তান আৰু বস্তু-বাহানিৰ সৈতে প্লেটফৰ্মৰ পৰা পলাই যায়।
ৰে’লৱেৰ সহকাৰী আৰক্ষী আয়ুক্ত ভাজিৰাও মহাজনে কয় যে অৱধ এক্সপ্ৰেছৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু হৈছে। মহিলাগৰাকীক তেওঁৰ স্বামীয়ে ৰে’লৰ সন্মুখত ঠেলা মাৰি দিছিল। পত্নীক হত্যা কৰাৰ পিছত, যুৱকজনে সন্তানৰ সৈতে ঘটনাস্থলীৰ পৰা পলাই যায়।
যুৱকজনক দাদৰ (Dadar) আৰু তাৰ পৰা কল্যাণলৈ ৰে’লত উঠি যোৱা দেখা গৈছিল। আৰক্ষীয়ে অভিযুক্তজনক বিচাৰি আছে।
Photo: Google
Discussion about this post