জম্মু আৰু কাশ্মীৰত (Jammu And Kashmir) এক কৰুণ পথ দুৰ্ঘটনা (Tragic Road Accident) সংঘটিত হৈছে। তাত এখন বাছ দ’ খাৱৈত বাগৰি পৰে (Bus Fall Into Ditch), যাৰ ফলত ৩ গৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লয় (3 Person Died) আৰু ৩৮ গৰাকী লোক গুৰুতৰভাবে আহত হয় (38 Person Critically Injured)। এই দুৰ্ঘটনাটো উধমপুৰৰ কেয়া মৰ্হ অঞ্চলত সংঘটিত হৈছিল। উধমপুৰৰ (Udhampur) মুখ্য চিকিৎসা বিষয়া ডাঃ বিজয় বাসনোত্ৰাই ক’লে যে, “যেতিয়া আমি ঘটনাটোৰ বিষয়ে গম পালোঁ, আমি লগে লগে ঘটনাস্থলীলৈ এম্বুলেঞ্চ প্ৰেৰণ কৰিলোঁ, ১০ গৰাকী আহতক উধমপুৰ জিলা চিকিৎসালয়লৈ (Udhampur District Hospital) প্ৰেৰণ কৰা হৈছে।
ৰিপৰ্ট অনুসৰি, বৃহস্পতিবাৰে উধমপুৰ জিলাত (Udhampur District) বিবাহযাত্ৰীক লৈ এখন বাছ গৈ আছিল সেই সময়তে বাছখন পিছলি খাৱৈত বাগৰি পৰে আৰু ৩ গৰাকী লোকে প্ৰাণ হেৰুৱায়। এই দুৰ্ঘটনাত ৫৪ গৰাকী লোক আহত হোৱাৰ খবৰ পোহৰলৈ আহিছে। বিষয়াসকলে জনোৱা অনুসৰি ৰামনগৰৰ ছিত্ৰেদি গাঁৱত বাছখন দুৰ্ঘটনাত পতিত হয়। ঘটনাটোৰ পিছত স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হয় আৰু সাহাৰ্য আৰু উদ্ধাৰ অভিযানত সহায় কৰে। বিষয়াসকলে কৈছিল যে প্ৰায় ২০ গৰাকী মহিলা আৰু ১৮টা শিশু আহত হৈছিল। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে (Minister Jitendra Singh) এই দুৰ্ঘটনাত শোক ব্যক্ত কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাইও দুৰ্ঘটনাত গভীৰ শোক ব্যক্ত কৰি আহত সকলক উন্নত চিকিৎসা প্ৰদানৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। ইফালে দুৰ্ঘটনাত নিহত সকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলিও ঘোষণা কৰে লেফটেনেন্ট গভৰ্ণৰগৰাকীয়ে। তেওঁ আৰু ঘোষণা কৰে যে মৰ্মান্তিক বাছ দুৰ্ঘটনাত নিহত হোৱা লোকসকলৰ ওচৰৰ আত্মীয়ৰ বাবে ৫ লাখ টকাকৈ এক্স-গ্ৰেচিয়া প্ৰদান কৰা হ’ব।
Photo & Input: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/horrific-road-accident-bus-fall-into-ditch/10299/
Discussion about this post