মহাৰাষ্ট্ৰৰ (Maharastra) বিডত (Beed) ২৫০ তকৈও অধিক কুকুৰৰ পোৱালিক হত্যা কৰা দুটা বান্দৰক বন বিভাগে (Monkey Captured) আটক কৰিছে। সংবাদ সংস্থা এএনআইয়ে আজি এই তথ্য প্ৰদান কৰিছে। নাগপুৰ বন বিভাগৰ দলটোৱে বিডৰ পৰা কুকুৰবোৰক হত্যা কৰা বান্দৰকেইটাক আটক কৰিছে। বিড বন বিভাগৰ বিষয়া শচীন কান্দে কৈছিল যে বান্দৰ দুটাক নাগপুৰলৈ লৈ যোৱা হ’ব আৰু ওচৰৰ অৰণ্যত এৰি দিয়া হ’ব। কেইবাটাও প্ৰতিবেদনত দাবী কৰা হৈছে যে কিছুমান কুকুৰে এটা বান্দৰৰ পোৱালিক হত্যা কৰিছিল (Dog Killed Moneky’s Baby)। যাৰ পিছত বান্দৰে কুকুৰৰ ওপৰত প্ৰতিশোধ ল’বলৈ প্ৰায় ২৫০টা পোৱালী হত্যা কৰিছিল।
গাওঁবাসীয়ে কোৱা অনুসৰি লাবুল গাঁৱত বান্দৰে নিজৰ পোৱালিৰ সৈতে বাস কৰিছিল। তেওঁলোকে ক’লে যে বিগত ২-৩ মাহ ধৰি বান্দৰে বহু ওপৰৰ পৰা কুকুৰৰ পোৱালি পেলাই ঘটনা পোহৰলৈ আহিছে (Monkey Killed 250 Dogs)। তেওঁলোকে কৈছিল যে বান্দৰবোৰে কুকুৰৰ পোৱালিকেইটাক পেলাবলৈ ওখ স্থানলৈ লৈ গৈছিল। লগতে ক’ল যে, বৰ্তমানলৈ বান্দৰে প্ৰায় ২৫০টা কুকুৰৰ পোৱালিক হত্যা কৰিছে।
দুটা বান্দৰে ২৫০টা কুকুৰক হত্যা কৰে
গাওঁবাসীয়ে কোৱা অনুসৰি বান্দৰবোৰে বিদ্যালয়লৈ যোৱা শিশুসকলকো উঠাবলৈ আৰম্ভ কৰিছিল, যাৰ পিছত তেওঁলোকে ধাৰুৰৰ বন বিভাগৰ সৈতে যোগাযোগ কৰিছিল আৰু বিষয়টো অৱগত কৰিছিল। এই ঘটনাটো সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ আছে। ঘটনাটোক লৈ বিভিন্ন ধৰণৰ মিমো বনোৱা হৈছে। আনহাতে টুইটাৰত হেছটেগ #MonkeyvsDog ট্ৰেণ্ড কৰা আৰম্ভ কৰিছিল। দুটা বান্দৰে ২৫০তকৈও অধিক পোৱালিক হত্যা কৰাৰ খবৰে আলোড়নৰ সৃষ্টি কৰিছে। লগতে ঘটনাটোক লৈ সকলো এতিয়া হতবাক হৈ পৰিছে।
বন বিভাগে বান্দৰক আটক কৰে
এইটো বিশ্বাস কৰা সহজ নহয় যে বান্দৰে (MonkeyvsDog) প্ৰতিশোধ ল’বলৈ ২৫০তকৈও অধিক পোৱালিক উঠাই ওখ ঠাইৰ পৰা পেলাই দিব পাৰে। কিন্তু কেইবাখনো প্ৰতিবেদন অনুসৰি দুটা বান্দৰে ২৫০তকৈও অধিক পোৱালিক চিকাৰ কৰিছিল। বান্দৰে তেওঁলোকৰ সন্তানৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ বহুসংখ্যক পোৱালি বিচাৰি বিচাৰি উচ্চ উচ্চতাৰ পৰা তললৈ দলিয়াই দিছিল। বন বিভাগে এই বিষয়ে গম পোৱাৰ লগে লগে তেওঁলোকে বান্দৰ দুটাৰ সন্ধান আৰম্ভ কৰিলে ৷ তেওঁলোকক এতিয়া বন্দী কৰা হৈছে ৷
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/never-eat-these-things-in-empty-stomach/5481/
Discussion about this post