ৰাজ্যত পুনৰ আন এগৰাকী অসম কন্যাই ৰাষ্ট্ৰীয় খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে। Spotlight Northeastৰ প্ৰাক্তন মুখ্য সম্পাদিকা ৰিশিতা ৰাজবংশী (Hrishita Rajbangshi) ক তেওঁৰ এক বিশেষ লেখাৰ বাবে ২০২১ বৰ্ষৰ LAADLI MEDIA & ADVERTISING AWARDS FOR GENDER SENSITIVITY – শীৰ্ষক বঁটা প্ৰদান কৰা হৈছে।
সাংবাদিক ৰিশিতা ৰাজবংশীক (Hrishita Rajbangshi) ইংৰাজী প্ৰিণ্ট আৰ্টিকলৰ শিতানত এই বিশেষ বঁটা প্ৰদান কৰা হৈছে। “দ্য কাৰ্ভা”-আলোচনীত প্ৰকাশিত ৰাজ্যৰ ডাইনী কাণ্ড সম্পৰ্কীয় ‘Possessed By Greed- The Enduring Human Toll Of Assam‘-এই তথ্য সমৃদ্ধ লেখাৰ ভিত্তিতেই বঁটা প্ৰদান কৰা হৈছে। ৰিশিতাৰ (Hrishita Rajbangshi) লগতেই সিদ্ধাৰ্থ ডুবে আৰু সৰণ্যা মেনিভেনন-এই দুয়োগৰাকী লেখকৰ “দ্য কাৰ্ভা” মেগাজিনত প্ৰকাশিত লেখাৰ বাবেও LAADLI MEDIA AWARDS-ৰ সন্মান দিয়া হৈছে।
Photo: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/healthy-eating-tips-do-not-forget-to-eat-these-5-things/4553/
Discussion about this post