হায়দৰাবাদত (Hyderabad) এজন ৰোগীৰ কিডনীৰ পৰা চিকিৎসকে অস্ত্ৰোপচাৰৰ পিছত ২০৬টা পাথৰ উলিয়াইছিল (206 Kidney Stones)। তেলেংগানাস্থিত (Telengana) Aware Gleneagles Global Hospitalৰ চিকিৎসকসকলে এই কিডনী পাথৰ নালগোণ্ডৰ বাসিন্দা ৫৪ বছৰীয়া বীৰামল্লা ৰামালক্ষ্মীয়াৰ বৃক্কৰ পৰা উলিয়াইছিল। ৰিপৰ্ট অনুসৰি, ৰোগীজনে এজন স্থানীয় চিকিৎসকৰ পৰা ঔষধ লৈ আছিল যি খাই কিছু সময়ৰ বাবে বিষৰ পৰা পৰিত্ৰাণ পাইছিল। লাহে লাহে তেওঁৰ বিষ বাঢ়ি গৈছিল আৰু পৰিস্থিতি ইমানেই বেয়া হৈ গৈছিল যে তেওঁ নিজৰ কাম কৰিবলৈ অসুবিধা পাবলৈ আৰম্ভ কৰিছিল।
চিকিৎসালয়ৰ জ্যেষ্ঠ Consultant Urologist ডাঃ পুলা নবীন কুমাৰে কৈছিল যে প্ৰাথমিক অনুসন্ধান আৰু এটা আল্ট্ৰাচাউণ্ড স্কেনৰ পৰা গম পোৱা গৈছিল যে মানুহজনৰ বৃক্কৰ বাওঁফালে কিডনী পাথৰ আছিল। চিটি স্কেনত অহাৰ পিছত কিডনীত পাথৰ থকা কথটাো নিশ্চিত হৈছিল। ইয়াৰ পিছত, চিকিৎসকে ৰোগীজনক কাউঞ্চিলিং কৰিছিল আৰু তেওঁক এক ঘণ্টা দীঘল কীহোল অস্ত্ৰোপচাৰৰ বাবে প্ৰস্তুত কৰিছিল। এই অস্ত্ৰোপচাৰত সকলো বৃক্কৰ পাথৰ সফলতাৰে আঁতৰ কৰা হৈছিল।
অস্ত্ৰোপচাৰৰ পিছত বীৰামল্লা ৰামালক্ষ্মীয়া এতিয়া সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে। ডাঃ পুলা নবীন কুমাৰে কৈছিল যে অস্ত্ৰোপচাৰৰ দ্বিতীয় দিনা ৰোগীজনক ডিচচাৰ্জ কৰা হৈছিল।
Photo: Google
Discussion about this post