জয়পুৰৰ (Jaipur) ঘাছগেটৰ (Ghasgate) ওচৰত ৰাজপথত এখন চলন্ত গাড়ী ৰডভৰ্তি এখন ট্ৰেক্টৰত খুন্দা মাৰে। ট্ৰেক্টৰখনৰ পৰা প্ৰায় ৫ৰ পৰা ৭ ফুট বাহিৰলৈ ওলাই থকা ৰড গ্লাছ ভাঙি গাড়ীখনৰ ভিতৰত বহি থকা চিকিৎসকৰ দেহত সোমাই যায়। এই দুৰ্ঘটনাটোত চিকিৎসক প্ৰবীণ ব্যাসে কৰুণ মৃত্যুক সাৱটি লয় (Rods Came Out Of The Trolley About 5-7 Feet Broke The Glass And Entered The Body Of The Doctor Sitting Inside The Car. Dr. Praveen Vyas Died), আনহাতে আন এজন চিকিৎসক গুৰুতৰভাবে আহত (Badly Injured) হয়। খবৰ পোৱা মাত্ৰকেই ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে আহতক ট্ৰ’মা চেণ্টাৰত (Trauma Center) ভৰ্তি কৰোৱায়।
ৰাজধানীৰ আগৰাৰোডস্থিত আগৰৱাল কলেজৰ (Agrawal College) সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো। শৰীৰত লোৰ ৰড সোমাই যোৱা বাবে দৌচাৰ বাসিন্দা ডাঃ প্ৰবীণ ব্যাসে (Dr Praveen Vyas) (৩৮) ঘটনাস্থলীতে কৰুণ মৃত্যুক সাৱটি লোৱাৰ লগতে গাড়ীখন চলাই থকা ডাঃ অমিত কুমাৰৰ (Dr Amit Kumar) (৩৭) হাত আৰু মূৰত আঘাতপ্ৰাপ্ত হয়। ঘটনাটোৰ খবৰ পোৱা মাত্ৰকেই ট্ৰাঞ্চপৰ্ট নগৰ থানা আৰক্ষী (Transport Nagar Police) আৰু দুৰ্ঘটনা থানা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক হাস্পতাললৈ প্ৰেৰণ কৰে।
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি নিশা প্ৰায় ১২ বজাৰ পৰা ১ বজাৰ ভিতৰত দুয়োগৰাকী চিকিৎসক জয়পুৰত শ্বপিং কৰি ঘৰলৈ উভতি আহি আছিল। সেই সময়তে ট্ৰাঞ্চপৰ্ট নগৰ পোৱাৰ ২০০ মিটাৰ পূৰ্বে গাড়ীখন আগফালে গৈ থকা ৰডভৰ্তি ট্ৰেক্টৰক সোমাই যায়। ট্ৰেক্টৰখনৰ পৰা ৰড প্ৰায় ৫ৰ পৰা ৭ ফুট বাহিৰলৈ ওলাই আছিল। ঘটনাটোৰ পিছত মৃত আৰু আহতৰ পৰিয়াল জয়পুৰত উপস্থিত হয়।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি ডাঃ প্ৰবীণ ব্যাসে আৰু ডাঃ অমিত কুমাৰ জয়পুৰত বন্ধুৰ সৈতে শ্বপিং কৰিবলৈ গৈ আছিল। বন্ধুকেইজনৰ অলপ সোনকালে যাবলগীয়া হৈছিল যাৰ বাবে তেওঁলোক সোনকালে ওলাই গৈছিল কিন্তু এই দুয়োজন আৰামত নিশা দৌচালৈ গৈ আছিল।
Photo: Google
Published By: Dulu Medhi
Discussion about this post