Horrific Bus Accident on Purvanchal Expressway: উত্তৰ প্ৰদেশৰ (Uttar Pradesh) বাৰাবংকীত (Barabanki) পূৰ্বাঞ্চল এক্সপ্ৰেছ-ৱেত (Purvanchal Expressway) এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত (Horrific Bus Accident) হৈছে, য’ত ৮ গৰাকী (8 Person Died) লোকে প্ৰাণ হেৰুওৱাৰ লগতে ২০ গৰাকী লোক গুৰুতৰভাবে আহত (20 Person Injured) হয়। সীতামাঢ়ীৰ পৰা দিল্লীলৈ যোৱা এখন ডবল ডেকাৰ বাছক আন এখন বাছে খুন্দা মাৰিছিল (2 Bus Colided)। সংঘৰ্ষটো ইমানেই ভয়ংকৰ আছিল যে দুয়োখন বাছ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল আৰু বহু কেইগৰাকী যাত্ৰীয়ে ঘটনাস্থলীতে কৰুণ মৃত্যুক সাৱটি লৈছিল। আহতসকলৰ ভিতৰত তিনিজনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে আৰু তেওঁলোকক লক্ষ্ণৌলৈ (Lucknow) প্ৰেৰণ কৰা হৈছে।
আহত সকলৰ কিছুমানৰ অৱস্থা যথেষ্ট গুৰুতৰ
বাতৰি অনুসৰি, এখন ৰখাই থোৱা ডবল ডেকাৰ বাছক আন এখন বাছে পাছফালৰ পৰা খুন্দা মাৰে, যাৰ ফলত ৮ গৰাকী যাত্ৰী নিহত হয় আৰু ১৮ গৰাকী যাত্ৰী গুৰুতৰভাবে আহত হয়। আহতসকলক হায়দৰগড় চিএইচচিত আৰুগুৰুতৰভাৱে আহতসকলক লক্ষ্ণৌৰ ট্ৰমা চেণ্টাৰত ভৰ্তি কৰোৱা হৈছে। বাছ দুয়োখন সীতামাঢ়ী আৰু সুপলৰ পৰা দিল্লী অভিমুখে গৈ আছিল। ঘটনাটো বাৰাবাঁকীৰ লোনিকাট্ৰা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত নৰেন্দ্ৰপুৰ মাদ্ৰাহা গাঁৱৰ বুলি কোৱা গৈছে। বাকী যাত্ৰীসকলক আগুৱাই যোৱাৰ ব্যৱস্থা কৰা হৈছে।
#WATCH | Accident at Purvanchal expressway near Barabanki in UP leaves 6 persons dead & 18 injured after a speeding double-decker bus collided with a stationary one. 3, reported to be critical, referred to trauma centre in Lucknow. Buses were en route from Bihar to Delhi pic.twitter.com/RUELIchJh9
— ANI UP/Uttarakhand (@ANINewsUP) July 25, 2022
पूर्वांचल एक्सप्रेस-वे पर सड़क दुर्घटना में हुई जनहानि अत्यंत दुःखद है।
संबंधित अधिकारियों को राहत व बचाव कार्य तेजी से संचालित करने और घायलों के समुचित उपचार हेतु निर्देश दिए गए हैं।
प्रभु श्री राम दिवंगत आत्माओं को शांति तथा घायलों को शीघ्र स्वास्थ्य लाभ प्रदान करें।
— Yogi Adityanath (मोदी का परिवार) (@myogiadityanath) July 25, 2022
মুখ্যমন্ত্ৰীৰ টুইট
পথ দুৰ্ঘটনাত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে টুইট (CM Yogi Adityanath Tweet) কৰি কয়, “পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাটো অত্যন্ত দুখজনক। সংশ্লিষ্ট কৰ্তৃপক্ষক সাহায্য আৰু উদ্ধাৰ অভিযান ত্বৰান্বিত কৰিবলৈ আৰু আহতসকলক সঠিক চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ভগৱান শ্ৰী ৰামে বিদেহী আত্মাসকলক শান্তি প্ৰদান কৰক আৰু আহতসকলক দ্ৰুত আৰোগ্য কৰক। ‘
Photo: Google
Discussion about this post