সোমবাৰে পুৱাই এক ভয়ংকৰ পথ দুৰ্ঘটনাই (Horrific Bus Accident) শোকৰ ছাঁ পেলায় হিমাচল প্ৰদেশৰ (Himachal Pradesh) কুল্লুত (Kullu)। সোমবাৰে ৰাতিপুৱা প্ৰায় ৮ বজাত এখন বাছ ছাইঞ্জ উপত্যকাৰ (Sainj Valley) এটা খাৱৈত বাগৰি পৰে। বাছখনত মুঠ ৪৫ গৰাকী লোক আছিল, যাৰ ভিতৰত বৰ্তমানলৈকে ১৬ গৰাকী লোকৰ মৃত্যু হৈছে (16 Person Died)। নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। বাছখনত কেইটামান শিশুও আছিল যি স্কুললৈ গৈ আছিল। এই ব্যক্তিগত বাছখন ৰাস্তাৰ মাজেৰে পাৰ হৈ যাওঁতে ৰাস্তাৰ তলৰ খাৱৈত বাগৰি পৰিছিল।
বাছখন ছাইঞ্জ উপত্যকাৰ (Sainj Valley) শানছেৰৰ পৰা ছাইঞ্জ অভিমুখে গৈ আছিল। সেই সময়তে জংলা নামৰ ঠাইত এটা কেঁকুৰি ঘূৰিবলৈ লওতেই বাছখন নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ পৰা তলৰ খাৱৈত বাগৰি পৰে।
কোৱা হৈছে যে বাছখনত স্থানীয় লোকৰ লগতে স্কুলত যোৱা ছাত্ৰ-ছাত্ৰীও আছিল যি ছাইঞ্জ স্কুলৰ ফালে গৈ আছিল। এছ পি কুল্লু গুৰদেৱ শৰ্মাই কৈছিল যে বাছখনৰ দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীলৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হয়।
কুল্লুৰ উপায়ুক্ত আশুতোষ গাৰ্গে জানিবলৈ দিয়া মতে, বাছখন দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে আহতসকলক উদ্ধাৰ কৰি নিকতৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বৰ্তমানো উদ্ধাৰ অভিযান অব্যাহত আছে। আনপিনে নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও (PM Narendra Modi) ঘটনাটোৰ বিষয়ে টুইট কৰিছিল। তেওঁ কৈছিল যে হিমাচল প্ৰদেশৰ কুল্লুত বাছ দুৰ্ঘটনাটো হৃদয়বিদাৰক। এই দুখৰ সময়ত শোকসন্তপ্ত পৰিয়ালবোৰৰ প্ৰতি মোৰ সমবেদনা। মই আশা কৰোঁ যিসকল আঘাতপ্ৰাপ্ত হৈছে তেওঁলোক যিমান সম্ভৱ সোনকালে আৰোগ্য হ’ব। স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক সকলো সম্ভৱ সহায় আগবঢ়াই আছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে (PMO India) এই দুৰ্ঘটনাত শোক ব্যক্ত কৰি টুইটযোগে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহত সকললৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে।
Photo: Google
Published BY: Dulu Medhi
Discussion about this post