ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে(DRI) মুম্বাইৰ পৰা ২৫ কিলোগ্ৰাম হেৰ’ইন (Heroin) জব্দ কৰিছে। ইয়াৰ মূল্য আছিল ১২৫ কোটি টকা। মুম্বাইৰ Nhava Sheva বন্দৰত এটা কণ্টেইনাৰৰ পৰা উদ্ধাৰ কৰা হৈছিল। ডিআৰআইয়ে গোচৰটোৰ সন্দৰ্ভত নৱী মুম্বাই অঞ্চলৰ পৰা জয়েশ সংঘবী নামৰ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে। তেওঁক ১১ অক্টোবৰলৈকে আদালতে ডিআৰআই জিম্মালৈ প্ৰেৰণ কৰিছে।
বাতৰি অনুসৰি, চোৰাং ব্যৱসায়ীসকলে হেৰ’ইন (Heroin) অনাৰ বাবে এক অভিনৱ পদ্ধতি ওলাইছিল। তেওঁলোকে ইৰাণৰ পৰা অনা চীনাবাদামৰ তেলৰ কণ্টেইনাৰৰ মাজত হেৰ’ইন লুকুৱাই ৰাখিছিল। অৱশ্যে, ৰাজহ চোৰাংচোৱা বিভাগে তালাচী চলাই হেৰ’ইন উদ্ধাৰ কৰে।
একেদৰে, জুলাই মাহত ইৰাণৰ পৰা চোৰাংকৈ অনা ২,০০০ কোটি টকাৰ হেৰ’ইনৰ (Heroin) কণ্টেইনাৰ জব্দ কৰিছিল। ২৮৩ কিলোগ্ৰাম পৰিমাণত ভাৰতলৈ প্ৰেৰণ কৰা হেৰ’ইনো ৰাজহ চোৰাংচোৱা বিভাগে জব্দ কৰিছিল। সামগ্ৰীখিনি নৱী মুম্বাইৰ জৱাহৰলাল নেহৰু বাংগাৰগাহৰ পৰা পথযোগে পঞ্জাৱলৈ প্ৰেৰণ কৰিবলৈ আনিছিল।
Discussion about this post