শুকুৰবাৰে পুৱা বান্দ্ৰা কুৰ্লা কমপ্লেক্সৰ (BKC) এমটিএনএল জংচনত নিৰ্মীয়মান ফ্লাইঅভাৰৰ(Flyover) গাৰ্ডাৰ খহি পৰে। দুৰ্ঘটনাটোত কমেও ১৪ জন কৰ্মচাৰী আহত হয়। এই তথ্য পৌৰ নিগমৰ কৰ্তৃপক্ষই দিয়ে। গাৰ্ডাৰ হৈছে লোৰ দীঘল ৰড, যাক দলংখন সমৰ্থন কৰিবলৈ ব্যৱহাৰ কৰা হয়।
আঘাতপ্ৰাপ্তসকল চিকিৎসাধীন
বিষয়াসকলে ক’লে যে ঘটনাটো পুৱা ৪.৪১ বজাত সংঘটিত হৈছিল। আঘাতপ্ৰাপ্ত কৰ্মচাৰীসকলক ভিলে পাৰ্লেৰ ভি এন দেশাই চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।
চিকিৎসকে ক’লে যে আটাইকেইজন আহতৰ অৱস্থা স্থিৰ। দুৰ্ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ পিছতে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ লোক আৰু অন্যান্য বিষয়া ঘটনাস্থলীত উপস্থিত হয়।
Maharashtra: A portion of an under-construction flyover collapses in Mumbai's Bandra Kurla Complex, injuring some labourers; police & fire brigade are at the spot. Details awaited. pic.twitter.com/2GxqLKo5Bb
— ANI (@ANI) September 17, 2021
দুৰ্ঘটনাটোৰ সময়ত কেইজনমান লোকে কাম কৰি আছিল
বিষয়াসকলে প্ৰাৰম্ভিক প্ৰতিবেদনৰ উদ্ধৃতি দি কৈছিল যে আহতসকলৰ বয়স ২১ বছৰৰ পৰা ৪৯ বছৰৰ ভিতৰত। যেতিয়া গাৰ্ডাৰটো খহি পৰিছিল, এই লোকসকলে তাত কিবা কাম কৰি আছিল। তেওঁ ক’লে যে ঘটনা সন্দৰ্ভত বিতং তথ্যৰ বাবে অপেক্ষা কৰি আছে। এই ফ্লাইঅভাৰখন ছাণ্টা ক্ৰুজ-চেম্বুৰ লিংক ৰোডত নিৰ্মাণ কৰা হৈছে।
Photo: ANI
Discussion about this post