Jharkhand Dhanbad Road Accident: ঝাৰখণ্ড (Jharkhand)ৰ ধনবাদ (Dhanbad)ত জিটি ৰোডত মঙলবাৰে সংঘটিত এক পথ দুৰ্ঘটনাত (Road Accident) একেটা পৰিয়ালৰে ৫ গৰাকী লোকৰ মৃত্যু হয় (Death)। আটাইকেইজন লোক ছুইফট ডিজায়াৰ গাড়ীত যাত্ৰা কৰি আছিল আৰু ৰামগড়ৰ (Ramgarh)পৰা আছানচোল (Asansol)লৈ গৈ আছিল। খবৰ অনুসৰি চালকজনে জিটি ৰোডৰ গোবিন্দপুৰৰ ওচৰৰ এটা ঘূৰণীয়া পাকত স্থিত এখন দলঙৰ ওচৰত নিয়ন্ত্ৰণ হেৰুৱাইছিল আৰু গাড়ীখন প্ৰায় ১০০ মিটাৰ তললৈ বাগৰি পৰিছিল। দুৰ্ঘটনাটোত গাড়ীখনৰ আধা অংশই ভাঙি গৈছিল। গাড়ীখনত যাত্ৰী ২জন লোক, ২ গৰাকী মহিলা আৰু এটি শিশুৰ ঘটনাস্থলীতে কৰুণ মৃত্যুক সাৱটি লয়।
আৰক্ষীয়ে পৰিয়ালৰ সদস্যসকলক অৱগত কৰে
স্থানীয় লোকৰ খবৰত গোবিন্দপুৰ আৰক্ষী থানাৰ (Govindapur Police) আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল। আৰক্ষীয়ে মৃতদেহ (Deadbody) কেইটা গাড়ীৰ পৰা উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে ধনবাদলৈ প্ৰেৰণ কৰিছে। মৃতক সকলৰ ২ জনক তেওঁলোকৰ পৰা প্ৰাপ্ত আধাৰ কাৰ্ডৰ পৰা চিনাক্ত কৰা হৈছে। তাৰে এজনৰ নাম ৱাছিম আক্ৰাম আৰু আনজনৰ নাম হৈছে চাকিল আখটাৰ। আৰক্ষীয়ে মৃতকৰ আত্মীয়ক অৱগত কৰিছে। তেওঁলোক আহি পোৱাৰ পিছতহে আনকেইজনৰ চিনাক্ত কৰা হ’ব। পথ দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছত মৃতকৰ পৰিয়ালটোৰ মাজত হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়।
Photo: Abp News
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/tarun-gogoi-first-death-anniversary-in-assam/4617/
Discussion about this post