হায়দৰাবাদৰ সমকামি দম্পতী সুপ্ৰিয় চক্ৰৱৰ্তী আৰু অভয় দাঙেই বিবাহপাশত আৱদ্ধ হোৱাৰ পিছতে পুনৰ এনে এখন বিশেষ বিয়াই চৰ্চা লাভ কৰিছে সমগ্ৰ দেশত। দুই সমকামি যুৱকৰ বিয়াৰ পিছত এইবাৰ দুই সমকামি যুৱতীৰ (lesbian Girls) বিয়া (Marriage)।
এই ঘটনা মহাৰাষ্ট্ৰৰ নাগপুৰৰ (Maharastra Nagpur) । এই দুইগৰাকী যুৱতীৰ নাম সুৰভী মিত্ৰা (Surabhi Mitra) আৰু পৰমিতা মুখাৰ্জী (Paromita Mukherjee)। বিয়াৰ পূৰ্বে তেওঁলোকে সমাপন কৰে আঙুঠি পিন্ধোৱা পৰ্ব। প্ৰায় এসপ্তাহ পূৰ্বে এই দুই যুৱতীয়ে আঙঠি পিন্ধাই (Ring Ceremony) এক নতুন জীৱনৰ পাতনি মেলিলে।
সুৰভিৰ ঘৰ নাগপুৰত (Nagpur) আৰু পাৰমিতাৰ ঘৰ কলকাতাত (Calcutta)। সুৰভি পেছাত চিকিৎসক (Doctor) আৰু পাৰমিতাই এটা ডাঙৰ কোম্পানীত চাকৰি কৰি আছে। নাগপুৰৰ এখন ৰিজ’ৰ্টত পৰিয়ালৰ লোকৰ উপস্থিতিত সুৰভি আৰু পাৰমিতাৰ আঙঠি পিন্ধোৱা পৰ্ব অনুষ্ঠিত হয়। সমকামিতাক বৰ্তমান সময়ত বৈধ বুলি ঘোষণা কৰা হ’ল যদিও এতিয়াও সমাজে ইয়াক সহজভাৱে গ্ৰহণ কৰিব পৰা হোৱা নাই।
Maharashtra: Two women doctors in a 'commitment ring ceremony' in Nagpur last week took vows to spend their lives together as a couple
"We call this relationship 'lifetime commitment'. We are planning our wedding in Goa," says Paromita Mukherjee, one of the women pic.twitter.com/v4omRiLtkq
— ANI (@ANI) January 5, 2022
Maharashtra: Two women doctors in a 'commitment ring ceremony' in Nagpur last week took vows to spend their lives together as a couple
"We call this relationship 'lifetime commitment'. We are planning our wedding in Goa," says Paromita Mukherjee, one of the women pic.twitter.com/v4omRiLtkq
— ANI (@ANI) January 5, 2022
সংবাদ মাধ্যমৰ আগত তেওঁলোকে প্ৰকাশ কৰে যে সমলিংগ (lesbian Girls) হোৱাৰ পিছটো তেওঁলোকৰ মাজত কেনেদৰে প্ৰেম হয়। এই সন্দৰ্ভত পৰিমিতাতাই কয় যে তেওঁলোকে সম্পূৰ্ণ জীৱন একেলগে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু গোৱাত তেওঁলোকে বিয়াৰ অনুষ্ঠান পাতিব।
সুৰভি মিত্ৰ আৰু পাৰমিতা সমাজক লৈ চিন্তিত নহয়। তেওঁলোকে নিজৰ জীৱন কেনেদৰে সুখী কৰিব পাৰি তাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছে। পাৰমিতা মুখাৰ্জীয়ে কয় যে ”মই দেউতাৰ সৈতে বহুত ফ্ৰী আছিলো। তেওঁক মই সকলো কথা খুলি কওঁ। মই ২০১৩ চনতে দেউতাক মই যে লেছবিয়ান বা হমোছেক্সুৱেল সেই কথা জনাই দিছিলো। দেউতাই একো আপত্তি কৰা নাছিল। মাক অলপ পলমকৈ কৈছিলো। তেওঁ প্ৰথমে মানি লোৱা নাছিল কিন্তু বুজাই মেলি মান্তি কৰাব পাৰিলোঁ।” আনহাতে সুৰভিয়ে কয় যে ”মই একদম খোলাখুলিকৈ মই কি বিচাৰো সেয়া মা-দেউতাক কৈছিলো। তেওঁলোকে একেবাৰতে মোৰ কথা মানি লৈছিল। তেওঁলোকক সকলো কথা খুলি কোৱা বাবে বহুত সুখী।”
Photo: Google
Discussion about this post