দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে (Supreme Court) গৰুৰ সৈতে জড়িত এটা প্ৰসংগক লৈ আবেদনকাৰীক ধমক দিয়ে। দৰাচলতে আদালতত আবেদন কৰা হৈছিল যে গৰুক ৰাষ্ট্ৰীয় পশু (National Animal) হিচাপে ঘোষণা কৰা হওক। কিন্তু উচ্চতম ন্যায়ালয়ে গৰুক ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰাৰ দাবীক লৈ কৰা আবেদনতৰ শুনানি দিয়াত অমান্তি হয় (Decision On Petition Declare Cow As National Animal)।
আদালতে আবেদনক লৈ অসন্তুষ্টি প্ৰকাশ কৰি কয় যে- এইটো সিদ্ধান্ত কৰাৰ কাম আদালতৰ নেকি? শুনানিৰ সময়ত ন্যায়াধীশ সঞ্জয় কিষাণ কৌলে আবেদনকাৰীসকলক সোধে যে ইয়াত কাৰ মৌলিক অধিকাৰৰ হানি হৈ আছে, যি অনুচ্ছেদ ৩২ৰ আধাৰত আবেদন দাখিল কৰা হৈছে?
সোমবাৰে ন্যায়াধীশ এছ কে কৌল আৰু ন্যায়াধীশ অভয় এছ ওকাৰৰ বিচাৰপীঠে এই আবেদন খাৰিজ কৰাই নহয়, বৰং আবেদকাৰীকো তীক্ষ্ণ ভৎসৰ্না কৰে।
উল্লেখ্য যে, ‘গোবংশ সেৱা সদন’কে ধৰি কেইবাটাও সংগঠনে উচ্চতম ন্যায়ালয়ত (Supreme Court) এখন আবেদন দাখিল কৰি গৰুক জাতীয় পশু হিচাপে ঘোষণা কৰাৰ বাবে কেন্দ্ৰলৈ নিৰ্দেশ প্ৰদান কৰাটো বিচাৰিছিল।
তদুপৰি গো-বধত মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে বুলিও আবেদনখনত উল্লেখ কৰা হৈছিল। কিন্তু দুই ন্যায়াধীশৰ বিচাৰপীঠে বিষয়টো সন্দৰ্ভত কেন্দ্ৰৰ মতামত বিচাৰি আবেদনখন খাৰিজ কৰে।
একে সময়তে আবেদনকাৰী পক্ষৰ অধিবক্তাক ধমক দি আদালতে কয়, “এয়া আদালতৰ কাম নেকি?” এনে আবেদন কেনেকৈ কৰিব পাৰি? ইয়াত কি কি মৌলিক অধিকাৰ উলংঘা কৰা হৈছে?”
এনে আবেদনৰ বাবে আবেদনকাৰীক জৰিমনা বিহিব লাগে বুলিও উল্লেখ কৰে উচ্চতম ন্যায়ালয়ে। আবেদন প্ৰত্যাহাৰ নকৰিলে জৰিমনা বিহা হ’ব বুলি সকিয়াই দিয়ে আদালতে।
Photo: Google
Discussion about this post