অভিনেতা কৌতুক অভিনেতা বীৰ দাসৰ (Actor-Comedian Vir Das) বিৰুদ্ধে ভাৰত আৰু মহিলাসকলক অপমান কৰাৰ অভিযোগ উত্থাপিত হৈছে। বীৰ দাসে অলপতে ছচিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, ‘I come from Two Indias‘। ৱাশ্বিংটন ডিচি, আমেৰিকা যুক্তৰাষ্ট্ৰ (Washington DC, USA)ৰ জন এফ কেনেডি চেণ্টাৰত (John F Kennedy Center) বীৰ দাসৰ অনুষ্ঠান আছিল আৰু তাতে তেওঁ এটা মনোলগ (Monologue) পঢ়িছিল।
মনোলগত কি আছিল?
বীৰ দাসৰ মনোলগত কিছুমান কথা এনেধৰণৰ আছিল
– মই এনে এখন ভাৰতৰ পৰা আহিছোঁ য’ত মাস্ক পিন্ধা শিশুৱে ইজনে সিজনৰ হাত ধৰে আৰু মাস্ক পৰিধান নকৰাকৈ নেতাসকলে আলিংগন কৰে।
– মই এনে এখন ভাৰতৰ পৰা আহিছোঁ য’ত AQI 9000 আছে কিন্তু আমি চাদত শুই তৰা চাই থাকো
– মই এনে এখন ভাৰতৰ পৰা আহিছো য’ত বলীউডৰ নামত আমি টুইটাৰত বিভক্ত হও আৰু বলীউডৰ নামতে থিয়েটাৰত একত্ৰিত হও।
সম্পূৰ্ণ ভিডিঅ’টো ইয়াত চাওক-
কোনটো বাক্যক লৈ হৈছে হুলস্থুল
বীৰ দাসৰ মনোলগত এনেকুৱা এটা লাইন আছিল য’ত ভাৰতীয় মহিলাসকলক দলবদ্ধ ধৰ্ষণৰ কথা কোৱা হৈছিল আৰু ইয়াকে লৈ হৈ আছে ক্ৰিয়া-প্ৰতিক্ৰিয়া। লাইনটো আছিল- ‘মই সেইখন ভাৰতৰ পৰা আহিছো য’ত মহিলাসকলক দিনত পূজা কৰা হয় আৰু নিশা দলবদ্ধ ধৰ্ষণ কৰা হয়।’
বীৰ দাসে দিয়ে স্পষ্টীকৰণ
ভিডিঅ’টোত, যেতিয়া বীৰ দাসক প্ৰতিক্ৰিয়া দিলে তেতিয়া দাসে দিলে স্পষ্টীকৰণ। দাসে ছচিয়েল মিডিয়াত পোষ্ট কৰি লিখিছে, “ভিডিঅ’টো দুই প্ৰকাৰৰ ভাৰতৰ বিষয়ে কোৱা হৈছে। যিধৰণে প্ৰতিখন ৰাষ্ট্ৰতে আন্ধাৰ আৰু পোহৰ আছে, বেয়া আছে ভাল আছে তেনেকুৱা ইয়াতো আছে। ভিডিঅ’টোত কোৱা হৈছে যে আমি কেতিয়াও পাহৰিব নালাগে যে আমি মহান। ভিডিঅ’টোৰ শেষত হাত চাপৰি সেইখন ভাৰত দেশৰ বাবেই যিখনৰ ওপৰত আমি গৰ্বিত, যাক আমি ভাল পাওঁ। এই ভিডিঅ’টোৰ এইটোৱেই উদ্দেশ্যে আছিল আৰু তাৰ বাবে ইয়াৰ শেষত হাত চাপৰি আছে।’
বীৰ দাসে সম্পাদিত ফুটেজৰ পৰা সাৱধান হ’বলৈ নিৰ্দেশ দিছিল।
— Vir Das (@thevirdas) November 16, 2021
কোন হয় বীৰ দাস?
বীৰ দাস এজন অভিনেতা আৰু কমেডিয়ান। ১৯৭৯ চনৰ ৩১ মে’ত উত্তৰাখণ্ডৰ ডেৰাডুনত জন্মগ্ৰহণ কৰা বীৰ দাসক বিশ্ববাসীয়ে কৌতুক অভিনেতা হিচাপেই চিনি পায়। ২০০৭ চনত ‘নমস্তে লণ্ডন’ (Namastey London)ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰা দাসে গো গোৱা গ’ন (Go Goa Gone), বদমাছ কোম্পানী (Badmash Company), ৰিভলভাৰ ৰাণী (Revolver Rani), দিল্লী বেলী (Delhi Belly)ৰ দৰে চলচ্চিত্ৰতো অভিনয় কৰিছে। ষ্টেণ্ড-আপ কমেডি দাসে আমেৰিকা যুক্তৰাষ্ট্ৰতে আৰম্ভ কৰিছিল আৰু তেওঁৰ প্ৰথম অনুষ্ঠান দিল্লীৰ ইণ্ডিয়ান হেবিটেট চেণ্টাৰত হৈছিল। তেওঁ ভাৰতত বহুতো অনুষ্ঠান কৰিছিল আৰু ষ্টেণ্ড-আপ কমেডিয়ান হিচাপে বিখ্যাত হৈ পৰিছিল।
বিজেপি নেতাই দিল্লীত অভিযোগ দাখিল কৰিছে
বিজেপিৰ আদিত্য ঝাই মঙলবাৰে নিশা দিল্লীত বীৰ দাসৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল ৷ ঝাই তিলক নগৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল ৷ ঝাই টুইট কৰি লিখিছে,
कुत्सित मानसिकता वश @thevirdas ने भारत की छवि अंतर्राष्ट्रीय स्तर पर धूमिल करने का कुंठित प्रयास किया है।
इस संदर्भ में मैंने DCP नई दिल्ली पुलिस कार्यालय में वीर दास के खिलाफ FIR दर्ज करा दी है।
हमें इस सुनियोजित एवं संगठित साजिश का मुँहतोड़ जवाब देना होगा। #ArrestVirDas pic.twitter.com/nsYf1L3t6y
— Aditya jha (Modi ka Parivaar) (@adityajhadelhi) November 16, 2021
মুম্বাইত অধিবক্তাসকলে অভিযোগ দাখিল কৰে
অধিবক্তা আশুতোষ জে দুবেই টুইটাৰত লিখিছিল যে তেওঁ মুম্বাইত বীৰ দাসৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। আশুতোষে কৈছিল যে দাসে আমেৰিকালৈ গৈ ভাৰতৰ ভাবমূৰ্তি কলুষিত কৰিবলৈ চেষ্টা কৰিছিল।
I have filed the complaint against Vir Das Indian Comedian with @CPMumbaiPolice @MumbaiPolice for defaming & spoiling the image of India in the USA, which is inflammatory.
He wilfully spelled inciting & derogatory statements against India, Indian women, & the PM of India. pic.twitter.com/xQuLuGwGZv
— ADV. ASHUTOSH J. DUBEY 🇮🇳 (Modi Ka Parivar) (@AdvAshutoshBJP) November 16, 2021
অধিবক্তা বিবেকানন্দ গুপ্তাইও মুম্বাইত বীৰ দাসৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে আৰু অতি সোনকালে এজাহাৰ লিখাৰ দাবী জনাইছিল।
My compliant to @CPDelhi against @thevirdas for his utterances against our country in a foreign land. Such utterances by #VirDas are prejudicial to national integration. I have demanded an FIR against #VirDas u/s 153 -B, 295-A,505 & 120 B of IPC. pic.twitter.com/NdkXpU3Ov6
— Vivekanand Gupta 🇮🇳 (@vivekanandg) November 16, 2021
Federation of Western India Cine Employees বীৰ দাসৰ সৈতে কাম নকৰে।
টাইমছ অৱ ইণ্ডিয়াৰ সৈতে বাৰ্তালাপ কৰি Federation of Western India Cine Employees (FWICE)ৰ মুৰব্বী বি এন তিৱাৰীয়ে কয় যে তেওঁৰ সদস্যসকলে কৌতুক অভিনেতা বীৰ দাসৰ সৈতে কাম নকৰে। তিৱাৰীৰ ভাষাত, “বীৰ দাসে কোনো মঞ্চত কাম পোৱা উচিত নহয়। মই সকলো নিৰ্মাতাক তেওঁৰ সৈতে কাম নকৰিবলৈ অনুৰোধ কৰিম। যিয়ে দেৱ-দেৱী আৰু দেশক অপমান কৰে সেইসকল এই দেশত বাস কৰাৰ অধিকাৰ নাই। বীৰ দাসে ক্ষমা বিচাৰিব লাগিব আৰু সম্পাদিত ফুটেজ ভাইৰেল হৈ আছে বুলি কোৱা বন্ধ কৰিব লাগিব।”
বীৰ দাসৰ ভিডিঅ’টোৱে ছচিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছিল
কংগনা ৰাণাৱটে বীৰ দাসৰ মনোলগক Soft Terrorism বুলি বৰ্ণনা কৰিছিল আৰু লিখিছিল যে ভাৰতৰ সকলো পুৰুষক ধৰ্ষণকাৰী বুলি কোৱাৰ অৰ্থ হৈছে সমগ্ৰ বিশ্বৰ ভাৰতীয়সকলৰ সৈতে বৰ্ণবাদ আৰু উৎপীড়নৰ প্ৰচাৰ কৰা।
People who thought Kapil Sharma shows are regressive and sexist are asking what's wrong in what #VirDas said. Let me spell it out – you don't use rape in comedy.
— Ra Ch Na (@raggedtag) November 17, 2021
Generalising the evils of a few individuals and vilifying the nation as a whole in front of the world is just not done!
The people who painted India in front of the west as a nation of saperas and luteras during the colonial rule have not ceased to exist.#VirDas
— Abhishek Singhvi (@DrAMSinghvi) November 16, 2021
কপিল শৰ্মাৰ অনুষ্ঠানটোক পিছপৰা আৰু যৌনতাবাদী বুলি বৰ্ণনা কৰাসকলে সুধিছে বীৰ দাসে কোৱা কথাত কি সমস্যা আছে।
https://twitter.com/ashokepandit/status/1460654690660601859?s=20
৬ মিনিটৰ ভাষণত বীৰ দাসে কৃষক, পেট্ৰ’লৰ মূল্য, মুদ্ৰাস্ফীতি, মোডী মাস্ক, AQI, যৌনতা, Orange Extremist, পি এম কেয়াৰ্ছ, লখিমপুৰক লৈ
I was very moved by this @thevirdas. I come from an India where it needs courage for a Vir Das to say this, I come from an India where many of us admire this courage, yet choose to remain silent.
Vir Das | I COME FROM TWO INDIAS https://t.co/K4BU1OhP4i via @YouTube
— Hansal Mehta (@mehtahansal) November 17, 2021
চলচ্চিত্ৰ নিৰ্মাতা হঞ্চল মেহতাই বীৰ দাসৰ ভিডিঅ’ৰ প্ৰশংসা কৰে
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/sivasagar-road-accident-one-youth-died-arrest-police-jawan/4482/
Discussion about this post