উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে (Yogi Adityanath) মথুৰাত সুৰা আৰু মাংস বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। মুখ্যমন্ত্ৰী যোগীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক নিষেধাজ্ঞাৰ যোজনা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী যোগীয়ে সোমবাৰে সন্ধিয়া মথুৰাত কৃষ্ণউৎসৱ ২০২১ (Janmashtami 2021) অনুষ্ঠানত এই ঘোষণা কৰে।
‘সুৰা আৰু মাংস বিক্ৰী কৰাসকলে গাখীৰ বিক্ৰী কৰক’
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও পূৰ্বেও কৈছিল যে ধৰ্মীয় গুৰুত্বপূৰ্ণ চহৰত মাংস আৰু সুৰাৰ বিক্ৰী নিষিদ্ধ কৰা হ’ব। তেওঁ পৰামৰ্শ দিছিল যে সুৰা আৰু মাংসৰ ব্যৱসায়ত নিয়োজিত লোকসকলে বৃহৎ পৰিমাণৰ গাখীৰ উৎপাদনৰ বাবে জনাজাত মথুৰাৰ গৌৰৱ পুনৰুজ্জীৱিত কৰিবলৈ গাখীৰ বিক্ৰী আৰম্ভ কৰিব পাৰে।
‘ব্ৰজত উন্নয়নৰ চকা বন্ধ নহ’ব’
মুখ্যমন্ত্ৰী যোগীয়ে কয়, “ব্ৰজভূমিৰ বিকাশৰ বাবে সকলো প্ৰচেষ্টা কৰা হ’ব আৰু ইয়াৰ বাবে পুঁজিৰ কোনো অভাৱ নহ’ব। আমি অঞ্চলটোৰ উন্নয়নৰ বাবে আধুনিক প্ৰযুক্তি আৰু সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যৰ মিশ্ৰণ দেখিছো৷’
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক (Narendra Moldi) দেশক এক নতুন দিশ প্ৰদান কৰাৰ বাবে প্ৰশংসা কৰে ৷ তেওঁ কয় যে দীৰ্ঘদিন ধৰি অৱহেলিত হৈ থকা বিশ্বাসৰ স্থানসমূহ এতিয়া পুনৰুজ্জীৱিত হৈ আহিছে৷
ধৰ্মীয় স্থানত এনে সামগ্ৰী বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা
মুখ্যমন্ত্ৰী যোগীৰ সিদ্ধান্ত সন্দৰ্ভত কেবিনেট মন্ত্ৰী মহছিন ৰাজাই কয়, “মথুৰা বা ধৰ্মীয় পৱিত্ৰ স্থানত এনেধৰণৰ সামগ্ৰীৰ প্ৰয়োজন নাই। যদি আপুনি আস্থাত বিশ্বাস কৰে, তেন্তে তাত ইয়াৰ প্ৰয়োজনীয়তা কি? যোগীজীৰ সিদ্ধান্ত শুদ্ধ।
Photo: Google
Discussion about this post