বুধবাৰে দুপৰীয়া তামিলনাডুৰ (Tamil Nadu)কুন্নুৰত ভাৰতীয় বায়ু সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত (Helicopter Crash) হয়। চিফ অফ ডিফেঞ্চ ষ্টাফ জেনেৰেল বিপিন ৰাৱট (CDS Bipin Rawat) আৰু তেওঁৰ পত্নীসহ ১৪ জন লোক হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত হয়। নিৰাপত্তা সম্পৰ্কীয় কেন্দ্ৰীয় কেবিনেট সমিতিয়েও বিষয়টোত বৈঠক তৰিব।
CDSয়ে ভাষণ দিবলৈ গৈছিল
CDS বিপিন ৰাৱটে (CDS Bipin Rawat) বুধবাৰে দুপৰীয়া প্ৰায় ৩ বজাত বায়ু সেনাৰ এমআই-১৭ ভিএইচ (Mi-17V5 helicopter) হেলিকপ্টাৰেৰে নিৰ্ধাৰিত ভাষণ প্ৰদান কৰিবলৈ কুন্নুৰ জিলাৰ ৱেলিংটনৰ প্ৰতিৰক্ষা সেৱা কৰ্মচাৰী মহাবিদ্যালয়লৈ গৈ আছিল। হেলিকপ্টাৰখন চুলুৰ এয়াৰবেছৰ পৰা উৰা মাৰিছিল আৰু ৱেলিংটনলৈ গৈ আছিল। ইয়াৰ মাজতে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়। সেনাই দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ তদন্তৰ নিৰ্দেশ দিছে।
এই লোকসকলো বিমানত আছিল
হেলিকপ্টাৰত থকা আন লোকসকল আছিল ব্ৰিগেডিয়াৰ এল.এছ. লিড্ডাৰ, লেফটেনেণ্ট কৰ্ণেল হৰজিন্দৰ সিং, নায়েক গুৰসেৱক সিং, নায়েক জীতেন্দ্ৰ কুমাৰ, নায়ক বিবেক কুমাৰ, নায়ক বি চাই তেজা, হাৱলদাৰ সতপাল আৰু পাইলট উপস্থিত আছিল।
Deeply anguished by the sudden demise of Chief of Defence Staff Gen Bipin Rawat, his wife and 11 other Armed Forces personnel in an extremely unfortunate helicopter accident today in Tamil Nadu.
His untimely death is an irreparable loss to our Armed Forces and the country.
— Rajnath Singh (मोदी का परिवार) (@rajnathsingh) December 8, 2021
প্ৰতিৰক্ষা মন্ত্ৰীয়ে কাইলৈ সংসদত বিবৃতি দিব
প্ৰতিৰক্ষা মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক (Narendra Modi) ঘটনাটোৰ বিষয়ে অৱগত কৰিছে আনহাতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাইলৈ (বৃহস্পতিবাৰে) সংসদত এক বিবৃতি দিব। বায়ু সেনাই কৈছিল যে দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।
Photo: Zee News
Discussion about this post