বুল্লি বাঈ এপৰে (Bulli Bai APP) জড়িত আৰু এজনক গ্ৰেপ্তাৰ। অসমত (Assam) গ্ৰেপ্তাৰ কৰা হৈছে এই এপটোৰ মূল ষড়যন্ত্ৰকাৰীক। যোৰহাটৰ পৰা দিল্লী আৰক্ষীয়ে (Delhi Police) গ্ৰেপ্তাৰ কৰে নীৰজ বিষ্ণয় (Neeraj Bishnoi) নামৰ যুৱকজনক।
দিল্লী আৰক্ষীৰ (Delhi Police) দলে গ্ৰেপ্তাৰ (Arrest) কৰে যুৱকজনক। ‘Bulli Bai’এপটোৰ জৰিয়তে দৰ-দাম হৈছিল মুছলমান মহিলা-যুৱতীৰ। ইতিমধ্যে দেশৰ বহুসংখ্যক মুছলমান যুৱতী-মহিলাক জালত পেলোৱা হৈছিল এই এপটোৰ জৰিয়তে। ঘটনা সন্দৰ্ভত পূৰ্বেও মুম্বাইত (Mumbai Police) গ্ৰেপ্তাৰ কৰা হৈছে তিনিজনক। এই ধৃত তিনিজনৰ ভিতৰত মূল অভিযুক্ত আছিল ১৮ বছৰীয়া শ্বেতা সিং (Shweta Singh)।
বাগাংলুৰুতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন ২১ বছৰীয়া ছাত্ৰক। ঘটনা সন্দৰ্ভত দিল্লী আৰু মুম্বাই আৰক্ষীৰ তদন্ত অব্যাহত। ধৃত নীৰজ বিষ্ণয় ভূপালৰ ভেল্লৰ ইনষ্টিটিউট অৱ টেকন’লজীৰ (Bhopal Vellore Institute of Technology) বি-টেকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ (Second Year B.Tech Student)। নীৰজ বিষ্ণয় (Neeraj Bishnoi) যোৰহাটৰ (jorhat) ডিগম্বৰৰ বাসিন্দা। আৰক্ষীয়ে ধৃত নীৰজৰ ঘৰৰ পৰা এটা ডিভাইচ জব্দ কৰে, যিটো ডিভাইচেৰে এই এপটো সৃষ্টি কৰা হৈছিল। ‘বুল্লি’ শব্দটো মুছলমান মহিলাক তিৰষ্কাৰ কৰি ব্যৱহাৰ কৰা হয়।
Photo & Input: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/horrific-road-accident-at-demow-40-passengers-injured-in-assam/5883/
Discussion about this post