Budget 2022: উত্তৰ প্ৰদেশকে ধৰি ৫খন ৰাজ্যৰ নিৰ্বাচনৰ (UP Election) কথা মনত ৰাখি এইবাৰ মোডী চৰকাৰে জনসাধাৰণক অধিক সকাহ দিবলৈ চেষ্টা কৰিব বুলি আশা কৰা হৈছিল। অৱশ্যে, বাজেটত বিশেষ একো পোৱা নগ’ল। এই বাজেটত কি বস্তু সস্তা হৈছে আৰু কি বস্তু ব্যয়বহুল হৈ পৰিছে আহক জানো।
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে (Nirmala Sitharaman) এই বাজেটত (Budget 2022) ঘোষণা কৰি জনাইছিল যে কোনবোৰ বস্তুসস্তা হ’ব আৰু কি ব্যয়বহুল হ’ব। দৰাচলতে, তেওঁ আবকাৰী শুল্ক (Customs Duty), আমদানি শুল্ককে ধৰি বহু শুল্ক বৃদ্ধি কৰে আৰু হ্ৰাস কৰাৰ কথা কয়। আহক জানো এই ঘোষণাবোৰক লৈ কি সস্তা আৰু অধিক ব্যয়বহুল হ’ব। এইবাৰ বাজেটে অৰ্থনৈতিক উন্নয়ন, নিবুনৱাৰ সংস্থাপন আদি বিষয়ত বিশেষ ভাবে গুৰুত্ব প্ৰদান কৰিছে।
উল্লেখ্য যে, কোৰোনা মহামাৰী স্বত্বেও GST বৃদ্ধি পাইছে। জানুৱাৰীত অভিলেখ হাৰত গ্ৰছ GST সংগ্ৰহ হৈছে। অৰ্থনীতিৰ পুনৰ উত্থানৰ বাবে GST বৃদ্ধি। মূলধনী সামগ্ৰীত ৭.৫ শতাংশ আমদানি শুল্ক কৰা হৈছে। সৰ্বমুঠ ১.৪ লাখ কোটি টকাৰ GST সংগ্ৰহ হৈছে।
কি কি সামগ্ৰীৰ দাম কমিবঃ
চামৰা
কাপোৰ
খেতিৰ লগত জড়িত সামগ্ৰী
পেকেজিং কৰাৰ বাকচ
মোবাইল ফোন চাৰ্জাৰ
Gems And Jewellery( আবকাৰী শুল্ক হ্ৰাস কৰি ৫ শতাংশ কৰিছে)
পলিচ হীৰাত কাষ্টম ডিউটি হ্ৰাস ( আবকাৰী শুল্ক হ্ৰাস কৰি ৫ শতাংশ কৰিছে)
বিদেশৰ পৰা অহা মেচিন
ট্ৰেন্সফৰ্মাৰ
Mentha Oil (মেন্থা অইল)
ষ্টীল
কি কি সামগ্ৰীৰ বাঢ়িবঃ
বিদেশী ছাতি
ব্লেণ্ডিং নোহোৱা পেট্ৰ’ল
আৰ্টিফিচিয়েল গহনাৰ
সকলো ধৰণৰ আমদানিকৃত সামগ্ৰী
পূৰ্বৰ বাজেটত কঁপাহ, ৰেচম, প্লাষ্টিক, চামৰা, ইলেক্ট্ৰনিক সামগ্ৰী, অটো পাৰ্টছ, সৌৰ সামগ্ৰী (Solar Products), মোবাইল, চাৰ্জাৰ, আমদানি কৰা কাপোৰ, ৰত্ন, LED বাল্ব, ফ্ৰিজ/এচি আৰু সুৰা ব্যয়বহুল হৈ হৈছিল। আনহাতে নাইলন কাপোৰ, লো, ষ্টিল, তামৰ সামগ্ৰী, সোণ, ৰূপ আৰু প্লেটিনামৰ দৰে বস্তু সস্তা হৈছিল।
Photo: Google
Discussion about this post