বলীউডৰ কিংবদন্তী অভিনেতা দিলীপ কুমাৰে আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে। পুৱা ৭.৩০ বজাত শেষ উশাহ লয় প্ৰবীণ অভিনেতাগৰাকীয়ে।
উশাহ লোৱাত কষ্ট পাইছিল বাবে তেখেতক বাৰে বাৰে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। তেখেতৰ মৃত্যুৰ খবৰে চলচ্চিত্ৰ জগতখনক দুখিত কৰি তুলিছে।
ছচিয়েল মিডিয়াত শোকৰ বাৰ্তা। অমিতাভ বচ্চনৰ পৰা আৰম্ভ কৰি অক্ষয় কুমাৰ, অজয় দেৱগন, জেকী শ্ৰফৰ দৰে কেইবাগৰাকীও অভিনেতাই দুখ প্ৰকাশ কৰে।
অমিতাভ বচ্চনে সমবেদনা জ্ঞাপন কৰে
দিলীপ কুমাৰৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰি অমিতাভ বচ্চনে টুইট কৰে। অভিনেতাগৰাকীয়ে লিখে, ‘এটা সংস্থা গুচি গ’ল..যেতিয়াই ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাস লিখা হ’ব, সেয়া সদায় ‘দিলীপ কুমাৰৰ আগত আৰু দিলীপ কুমাৰৰ পিছত’ লিখা হ’ব। তেওঁৰ আত্মাৰ শান্তি আৰু পৰিয়ালৰ দুখ-কষ্ট বহন কৰাৰ শক্তিৰ বাবে মোৰ প্ৰাৰ্থনা। অত্যন্ত দুঃখজনক।
T 3958 – An institution has gone .. whenever the history of Indian Cinema will be written , it shall always be 'before Dilip Kumar, and after Dilip Kumar' ..
My duas for peace of his soul and the strength to the family to bear this loss .. 🤲🤲🤲
Deeply saddened .. 🙏— Amitabh Bachchan (@SrBachchan) July 7, 2021
দিলীপ কুমাৰৰ মৃত্যুত অজয় দেৱগনে শোক প্ৰকাশ কৰি লিখিলে, ‘প্ৰবীণগৰাকীৰ সৈতে কেইবাটাও মুহূৰ্ত কটাইছিলো… কিছুমান অত্যন্ত ব্যক্তিগত, কিছুমান মঞ্চত। এটা সংস্থা, এজন কালজয়ী অভিনেতা। হৃদয় ভগা। ছাইৰাজীলৈ গভীৰ সমবেদনা’
অক্ষয় কুমাৰৰ প্ৰতিক্ৰিয়া
অক্ষয় কুমাৰেও দিলীপ কুমাৰৰ মৃত্যুত শোক প্ৰকাশ কৰিলে। তেওঁ লিখিলে, ‘পৃথিৱীৰ বাবে অন্য বহুতো নায়ক থাকিব পাৰে, কিন্তু আমাৰ অভিনেতাসকলৰ বাবে, তেওঁ নায়ক আছিল। দিলীপ কুমাৰ ছাৰে তেওঁৰ লগত ভাৰতীয় চলচ্চিত্ৰৰ এটা সম্পূৰ্ণ যুগ লৈ গৈছে। মোৰ অনুভূতি আৰু প্ৰাৰ্থনা তেওঁৰ পৰিয়ালৰ সৈতে আছে। ওম শান্তি।
To the world many others may be heroes. To us actors, he was The Hero. #DilipKumar Sir has taken an entire era of Indian cinema away with him.
My thoughts and prayers are with his family. Om Shanti 🙏🏻 pic.twitter.com/dVwV7CUfxh— Akshay Kumar (@akshaykumar) July 7, 2021
জেকী শ্ৰফৰ শোকপ্ৰকাশ
জেকি শ্ৰফেও শোক প্ৰকাশ কৰি লিখিলে, ‘দিলীপ কুমাৰৰ আত্মাৰ শান্তি আৰু পৰিয়ালৰ প্ৰতি সাহসৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা।’
Photo: Google
Discussion about this post