Army Chopper Crash: তামিলনাডুৰ (Tamilnadu) কুন্নুৰত সেনাৰ এখন Mi-17 হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত (Chopper Crash) হয়, য’ত চিডিএছ বিপিন ৰাৱাট (Bipin Rawat) আৰু তেওঁৰ পত্নীও উপস্থিত আছিল। এই হেলিকপ্টাৰখনত মুঠ ১৪ গৰাকী লোক আছিল, য’ত সেনাৰ জ্যেষ্ঠ বিষয়াসকলো আছিল। হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত (Chopper Crash) হোৱাৰ পিছত উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে। বেয়া বতৰৰ বাবে সেনাৰ হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল নে কাৰিকৰী বিজুতিৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হৈছিল সেয়া এতিয়াও জানিবলৈ পৰা হোৱা নাই। ভাৰতীয় বায়ু সেনাইও (Indian Air Force) ঘটনাটোৰ ওপৰত টুইট কৰি নিশ্চিত কৰিছে যে জেনেৰেল ৰাৱট হেলিকপ্টাৰত আছিল। বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।
দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত হেলিকপ্টাৰৰ পৰা জুই জ্বলিবলৈ আৰম্ভ কৰে। হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত স্থানীয় লোকসকল ঘটনাস্থলীলৈ দৌৰি গৈছিল আৰু সহায় কৰিবলৈ আৰম্ভ কৰিছিল। এতিয়ালৈকে প্ৰাপ্ত তথ্য অনুসৰি, বায়ু সেনাৰ সূত্ৰই কৈছিল যে শীঘ্ৰেই ঘটনাস্থলীত উপস্থিত হ’বলৈ চেষ্টা চলাই।
Latest visuals from the spot (between Coimbatore and Sulur) where a military chopper crashed in Tamil Nadu. CDS Bipin Rawat, his staff and some family members were in the chopper.
(Pics Source: Locals involved in search and rescue operation) pic.twitter.com/miALr88sm1
— ANI (@ANI) December 8, 2021
এবিপি নিউজৰ অনুসৰি, সেনাৰ হেলিকপ্টাৰত থকা লোকসকলৰ এখন তালিকা পোহৰলৈ আহিছে। তেওঁলোকৰ ভিতৰত চিডিএছ বিপিন ৰাৱট (Bipin Rawat) আৰু তেওঁৰ পৰিয়ালৰ কেইজনমান সদস্যৰ লগতে তেওঁৰ কৰ্মচাৰীও আছিল। জেনেৰেল ৰাৱটৰ উপৰিও হেলিকপ্টাৰখনত থকা সকলৰ ভিতৰত আছিল মধুলিকা ৰাৱট, ব্ৰিগেডিয়াৰ এল এছ লিডাৰ, লেফটেনেণ্ট কৰ্ণেল হৰজিন্দৰ সিং, গুৰসেৱক সিং, জিতেন্দ্ৰ কুমাৰ, বিবেক কুমাৰ, বি চাই তেজা আৰু হাৱলদাৰ সতপাল। এমআই-১৭ হেলিকপ্টাৰ পৰিবহনৰ বাবে ব্যৱহাৰ কৰা হয়। বেছিভাগ সেনা বিষয়াই একেখন হেলিকপ্টাৰ ব্যৱহাৰ কৰে।
হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বিষয়ে নৰেন্দ্ৰ মোদীক (PM Narendra Modi) জনোৱা হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Rajnath Singh) এই বিষয়ে জানিবলৈ দিয়ে।
বায়ুসেনাৰ Mi-17V5 হেলিকপ্টাৰত যাত্ৰা কৰা CDS বিপিন ৰাৱটক হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ঘটনাটো সংঘটিত হোৱাৰ কাৰণ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ প্ৰদান কৰে। এই হেলিকপ্টাৰত মুঠ ৯জন লোক আছিল, ইয়াৰে ৩জন আহত আৰু ৪জনে ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই।
হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্তত ৰাহুল গান্ধীয়ে টুইট কৰি কয় যে- সকলো সুৰক্ষিত থকাৰ প্ৰাৰ্থনা কৰিছো। স্থানীয় লোকে জনোৱা অনুসৰি ঘটনাস্থলীৰ পৰা ১১ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
Hoping for the safety of CDS General Bipin Rawat, his wife and others onboard the chopper.
Prayers for speedy recovery.
— Rahul Gandhi (@RahulGandhi) December 8, 2021
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/unisex-beauty-parlour-new-conditions-in-assam/5093/
Discussion about this post