বিধানসভাৰ চৌহদত মন্ত্ৰী বাহন ৰখাই কৰ্তব্যৰত আৰক্ষীয়ে SP, দণ্ডাধীশৰ বাবে এৰি দিছিল বাট। তাতেই খং উঠিল মন্ত্ৰীৰ (Minister)। খঙৰ ভমকত নিজ বিলাসী বাহনৰ পৰা ওলাই আহি দায়িত্বৰত আৰক্ষীক মন্ত্ৰীয়ে কৈয়ে পেলালে-” আমি চৰকাৰ হয়। আমাৰ সৈতে এনে অভদ্ৰ ব্যৱহাৰ নকৰিব”।
Watch Video-
উপস্থিত সাংবাদিকে ঘটনাৰ মূল নুবুজি খঙত (Jivesh Mishra Gets Angry) টিঙিৰিতুলা মন্ত্ৰীক খঙৰ কাৰণ সম্পৰ্কে প্ৰশ্ন সোধাত উত্তৰত তাত নিয়োজিত আৰক্ষীৰ সন্মুখতেই তেওঁলোকক চাকৰিৰ পৰা নিলম্বনৰ ভাবুকি প্ৰদান কৰে। মন্ত্ৰীৰ একমাত্ৰ অভিযোগ যে তেওঁলোকৰ বাহন ৰখাই DC, DMৰ বাহনক আগতীয়াকৈ যাবলৈ বাট মুকলি কৰি দিছিল।
#WATCH Bihar minister Jivesh Mishra gets angry after his car is stopped in Assembly premises by police to give way to SP & DM, demands their suspension#Patna pic.twitter.com/a0JroXccPq
— ANI (@ANI) December 2, 2021
দৰাচলতে এই ঘটনা সংঘটিত হয় বিহাৰৰ বিধানসভাৰ চৌহদত। আৰক্ষীক সামান্য কথাতেই নিজৰ ক্ষমতা অপব্যৱহাৰেৰে নিলম্বনৰ (Suspension) ভাবুকি দিয়া এই গৰাকী মন্ত্ৰী হৈছে জিৱেশ মিশ্ৰ (Bihar minister Jivesh Mishra)। তেওঁ বিহাৰ চৰকাৰৰ বিজেপি দলৰ মন্ত্ৰী (Bjp)।
Photo: Twitter
Discussion about this post