বিহাৰৰ (Bihar) ভাগলপুৰত (Bhagalpur) এক শোকাৱহ ঘটনা (Tragic Incident) সংঘটিত হৈছে। তাত এটা শক্তিশালী বিস্ফোৰণ (Blast) হৈছিল। এই বিস্ফোৰণত ১১ গৰাকী লোকৰ মৃত্যু হৈছিল। আনহাতে বহুকেইগৰাকী লোক গুৰুতৰভাৱে আহত (Injured) হৈছে। বৃহস্পতিবাৰে নিশা সংঘটিত হৈছিল এই বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণৰ ফলত তিনিমহলীয়া অট্টালিকাটো ধ্বংস হৈ যায়। আশে-পাশে থকা আন বহুতো ঘৰো ক্ষতিগ্ৰস্ত হৈছিল। কোৱা হৈছে যে এই ঘৰটোত ফটকা বনোৱাৰ ব্যৱসায় চলি আছিল।
বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে প্ৰায় এক কিলোমিটাৰলৈ অঞ্চলটো জোকাৰি গৈছিল, আনহাতে বিস্ফোৰণৰ (Blast) প্ৰতিধ্বনি ৪ কিলোমিটাৰ পৰ্যন্ত শুনা গৈছিল। বিস্ফোৰণটোৰ ফলত ওচৰৰ ঘৰৰ খিৰিকীৰ গ্লাচো ভাঙি গৈছিল। বৃহস্পতিবাৰে নিশা ১১.৩০ বজাত তাতাৰপুৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত কাজৱালীচকত নবীন আতিশবাজৰ ঘৰত সংঘটিত এক ডাঙৰ বিস্ফোৰণত তিনিমহলীয়া ঘৰটো ধ্বংস হৈ যায়। গোটেই ঘৰটো মাটিত ভাহি পৰে।
ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছত, ডিআইজি সুজিত কুমাৰ, ডিআইজি সুব্ৰত কুমাৰ সেন, এছএছপি বাবু ৰামৰ লগতে আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাস্থলীৰ বুজ লয়। ধ্বংসাৱশেষ পৰিষ্কাৰ কৰিবলৈ আৰু ইয়াত আৱদ্ধ লোকসকলক স্থানান্তৰ কৰিবলৈ ঘটনাস্থলীত দুটা জেচিবি স্থাপন কৰা হৈছে।
কোৱা হয় যে বিস্ফোৰণটো সংঘটিত হোৱা ঘৰটোত পূৰ্বেও ২০০৩, ২০০৮ আৰু ২০১৮ চনত বিস্ফোৰণ হৈছিল আৰু ২০০৮চনত সংঘটিত হোৱা বিস্ফোৰণত ৪ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/horrific-incident-several-injured-for-lift-stuck-at-guwahati/7327/
Discussion about this post