উত্তৰ প্ৰদেশৰ অযোধ্যাৰ সৰয়ু নদীত ১২ জন লোক ডুব যোৱাৰ খবৰ পোহৰলৈ আহিছে। ঘটনাটো তেতিয়া সংঘটিত হৈছিল যেতিয়া একেটা পৰিয়ালৰ ১২ জন লোকে গুপ্তাৰ ঘাটত গা ধুই আছিল।
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে খবৰটো জানিবলৈ পায় উদ্ধাৰ অভিযান তীব্ৰতৰ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। এই উদ্দেশ্যৰে পিএচি ডুবাৰু মোতায়েন কৰা হৈছে।
শেহতীয়া তথ্য অনুসৰি, সৰয়ু দুৰ্ঘটনাত এতিয়ালৈকে ছয়জন লোকক উদ্ধাৰ কৰা হৈছে। ইয়াৰে তিনিজনক চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ৬জন এতিয়াও সন্ধানহীন হৈ আছে
মুঠ ১৫জন লোক আছিল আৰু ইয়াৰে ১২জন ডুব যায়
জানিবলৈ দিয়া অনুসৰি, গা ধোৱাৰ সময়ত মুঠ ১৫জন লোক আছিল, ইয়াৰে ১২জন ডুব গৈছিল। ডুব যোৱা তিনিজন লোকক একে সময়তে স্থানীয় ডুবাৰুসকলে উদ্ধাৰ কৰিছিল।
Photo: Google




























Discussion about this post