Hair Salon Fire Video: আজিকালি বেছিভাগ লোকে চুলি ভালদৰে ৰাখিবলৈ হেয়াৰ ড্ৰায়াৰ আৰু ষ্ট্ৰেটনাৰৰ দৰে বিভিন্ন প্ৰকাৰৰ ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু সেইবোৰ ব্যৱহাৰ কৰোঁতে বিভিন্ন ধৰণৰ দুৰ্ঘটনাও সংঘটিত হয়। এনে এটা দুৰ্ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। যিটো চোৱাৰ পিছত এনেধৰণৰ যিকোনো বস্তু ব্যৱহাৰ কৰাৰ আগতে আপুনি ১০ বাৰমান ভাবিব। ভিডিঅ’টোত দেখা দৃশ্যটো অতি ভয়ংকৰ (Horrific Video)। যিটো চোৱাৰ পিছত আপোনাৰ বুকু কঁপি উঠিব।
ভিডিঅ’টোত কি আছে?
ছচিয়েল মিডিয়াত ভাইৰেল হৈ থকা এই ভিডিঅ’টোত (Social Media Viral Video) আপুনি এজন লোকক চেলুনৰ ভিতৰত বহি চুলি কটোৱাই থকা দেখিব। নাপিতে লোকজনৰ চুলি ঠিক কৰিবলৈ হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰে। প্ৰথমে তেওঁ হেয়াৰ ড্ৰায়াৰ (Hair Dryers) অন কৰে আৰু ইয়াক পৰীক্ষা কৰে, তাৰ পিছত ইয়াক লোকজনৰ ওপৰত ব্যৱহাৰ কৰে আৰু তেতিয়াই চেলুনৰ ভিতৰত সংঘটিত হয় শোকাৱহ ঘটনা। হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰি থকাৰ সময়ত চেলুনত হঠাতে জুই লাগে আৰু চেলুনৰ ভিতৰত উপস্থিত থকা নাপিত আৰু গ্ৰাহক দুয়োজনে তেওঁলোকৰ জীৱন বচাবলৈ বাহিৰলৈ দৌৰে দিয়ে। নাপিত আৰু গ্ৰাহক দুয়োজনৰে দেহত জুই লাগে। চেলুনৰ জুই এনেদৰে বাঢ় যায় যেন এটা সৰু বোমা বিস্ফোৰণ হৈছে।
बाल कटवाते समय भी ये मामूली से चीच जरूर ध्यान रखें. इलेक्ट्रोनिक सामानों जैसे हेयर ड्रायर आदि का इस्तेमाल करने से पहले वायरिंग को ढंग से देख लें. छोटी सी लापरवाही जानलेवा हो सकती है. pic.twitter.com/Owf1VmPA8j
— Satyam Baghel 🇮🇳 (@satyambaghel210) September 10, 2022
চাওতে চাওতে দোকানখন ধোৱাৰে ভৰ্তি হৈ যায়
ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টো (Social Media Viral Video) দেখাৰ পিছত আপুনি যিকোনো চেলুনলৈ যোৱাৰ আগতে আৰু এনেদৰে চুলি কটোৱাবলৈ যোৱাৰ আগতে বহুবাৰ ভাবিব। চাওতে চাওতে দোকানখন ধোৱাৰে ভৰ্তি হৈ যায়। গোটেই ঘটনাটো দোকানত স্থাপন কৰা চিচিটিভি কেমেৰাত ৰেকৰ্ড হৈ পৰে।
Photo: Twitter
Discussion about this post