উত্তৰ প্ৰদেশৰ (UttarPradesh) বৰেলীত (Bareilly) মঙলবাৰে পুৱা এক শোকাৱহ পথ দুৰ্ঘটনা (Tragic Accident) সংঘটিত হয়। এম্বুলেঞ্চ চালকৰ টোপনি অহাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। চালকজনে টোপনিয়াই থকাৰ ফলত এম্বুলেঞ্চ ডিভাইডাৰ পৰা কৰি আনটো ফালেৰে গৈ থকা মিনি ট্ৰাকক মাৰে খুন্দা (Ambulance Collided With Mini Truck)। এই দুৰ্ঘটনাটোত ৭ গৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লয় (7 People Died)। মৃত লোককেইগৰাকীৰ ভিতৰত ৪জন পুৰুষ আৰু ৩গৰাকী মহিলা আছিল। দুৰ্ঘটনাটোত আন কেইবাজনো লোক গুৰুতৰভাৱে আহত (Several Injured) হোৱা বুলি জানিব পৰা গৈছে। আটাইকেইগৰাকী মৃতক পিলিভিটৰ বাসিন্দা বুলি কোৱা হৈছে।
কোৱা হৈছে যে ৰামমূৰ্তি চিকিৎসালয়ৰ এম্বুলেঞ্চখনৰ (Shri Ram Murti Smarak Institute of Medical Sciences) মঙলবাৰে ৰাতিপুৱা ডিভাইডাৰৰ সৈতে সংঘৰ্ষ হৈছিল। এম্বুলেঞ্চখন দিল্লীৰ পৰা বৰেলীলৈ গৈ আছিল। দুৰ্ঘটনাটোত এম্বুলেঞ্চখনত থকা ৭ গৰাকী লোক নিহত হৈছিল। ঘটনাটো ফতেহগঞ্জ পশ্চিম অঞ্চলত সংঘটিত হৈছিল। আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। মৃতকৰ মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাটো খবৰ পোৱাৰ লগে লগে এছএছপি ৰোহিত চাজৱানকে ধৰি কেইবাজনো জ্যেষ্ঠ বিষয়া ঘটনাস্থলীত উপস্থিত হৈছিল।
দুৰ্ঘটনাটোত নিহত সকলক পিলভীটৰ খুৰশ্বিদ (৫০), তেওঁৰ পত্নী সমীৰণ (৪৫), পুত্ৰ আৰিফ (১৯), ভগ্নী ছাগিৰ বানো (৫৩), ভতিজা মহম্মদ জাফৰ (২০), সমীৰৰ ভগ্নী নাছৰীন (২৩) আৰু ভোজীপুৰাৰ নিৱাসী এম্বুলেঞ্চখনৰ চালক মেহেন্দী খান (৩২) বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে সদৰী কৰা মতে, খুৰশ্বিদৰ পত্নী সমীৰণ বেগমৰ বৰেলীৰ এখন ব্যক্তিগত হাস্পতালত এটা অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল। কিন্তু অস্ত্ৰোপচাৰৰ পিছতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত কৰ্কট ৰোগৰ আশংকা কৰি চিকিৎসকে এইমছলৈ প্ৰেৰণ কৰে।
৩০ মে’ত তেওঁক পৰিয়ালে এম্বুলেঞ্চেৰে দিল্লী এইমছলৈ লৈ যায় যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত শেষ মুহূৰ্তত ঘৰলৈ উভতাই অনাৰ সিদ্ধান্ত লয়। সেই অনুসৰি, দিল্লীৰ পৰা পৰিয়ালটোৱে এম্বুলেঞ্চেৰে ঘৰলৈ উভতি অহাৰ সময়তে মঙলবাৰে পুৱা দুৰ্ঘটনাটো সংঘটিত হয় আৰু পৰিয়ালৰ আটাইকেইজন সদস্যই প্ৰাণ হেৰুৱায় (Ambulance Collided With Mini Truck)।
এছপি গ্ৰাম্য ৰাজকুমাৰ আগৰৱালে কয়, “যান-বাহন প্ৰভাৱিত নহ’বলৈ, এম্বুলেঞ্চখন ঘটনাস্থলীৰ পৰা আঁতৰাই দিয়া হৈছে। দুৰ্ঘটনাটোৰ আঁৰৰ কাৰণটো কোৱা হৈছে যে- দিল্লীৰ পৰা বৰেলী অভিমুখে গৈ থকা এম্বুলেঞ্চখন ডিভাইডাৰ ক্ৰছিঙৰ আনটো ফালে গুচি যায়, যাৰ ফলত বৰেলীৰ ফালৰ পৰা দিল্লী অভিমুখে গৈ থকা মিনি ট্ৰাকক খুন্দা মাৰে। ‘
এছ পি গ্ৰাম্য ৰাজকুমাৰ আগৰৱালে লগতে কয়, “এইটোও বিশ্বাস কৰা হয় যে দুৰ্ঘটনাটোৰ আঁৰৰ কাৰণ হ’ব পাৰে এম্বুলেঞ্চখনৰ চালকৰ টোপনি।’
দুৰ্ঘটনাটোক লৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে (CM Yogi Adityanath) শোকপ্ৰকাশ কৰে।
#UPCM @myogiadityanath ने जनपद बरेली में सड़क दुर्घटना में हुई जनहानि पर गहरा शोक प्रकट किया है।
मुख्यमंत्री जी ने दिवंगत आत्माओं की शांति की कामना करते हुए शोक संतप्त परिजनों के प्रति संवेदना व्यक्त की है।
— CM Office, GoUP (@CMOfficeUP) May 31, 2022
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-mens-health-married-man-eat-raisins/9424/
Discussion about this post