উত্তৰ প্ৰদেশৰ (Uttar Pradesh) আজমগড়ত (Azamgarh) এক দুৰ্ভাগ্যজনক ঘটনা (Incident) সংঘটিত হয়। উত্তৰ ভাৰতৰ আজমগড় (Azamgarh) চহৰৰ CCTV কেমেৰাত বন্দী হোৱা এটা নাটকীয় ভিডিঅ’ত দেখা গৈছে যে এখন জনবহুল দোকানৰ তলত এটা ছিংকহোল খুলি যায়, যাৰ ফলত দোকানখনত উপস্থিত থকা লোককেইজন ছিংকহোলত সোমাই যায়।
১৮ অক্টোবৰত বন্দী কৰা ভিডিঅ’টোত (Video) দেখা গৈছে যে পথৰ কাষৰ দোকানৰ মালিকক কমেও দহজন গ্ৰাহকৰ সৈতে দোকানত থিয় হৈ থকা দেখা গৈছে। বিশাল ছিংকহোলটো (Sinkhole) মুকলি হোৱাৰ লগে লগে, দোকানৰ মালিককে ধৰি ১২জন লোক কমেও ১০ মিটাৰ মাটিৰ তলত সোমাই যায়।
Watch Video:
আৰু পঢ়কঃ https://khatangkhobor.com/news/international/viral-video-of-huge-snake-being-lifted-by-crane/3930/
লোককেইজনৰ সৈতে চকী, টেবুল আৰু আলমাৰীও সেই ছিংকহোলত সোমাই যায়। ভিডিঅ’টোত দেখা গৈছে যে ওচৰৰে আন লোকসকলে ছিংকহোলত সোমাই যোৱা লোকসকলক সহায়ৰ বাবে দৌৰি যায়। পিছত আহত লোককেইজনক আজমগড়ৰ এখন হাস্পতাললৈ লৈ যোৱা হয়।
ওপৰৰ ভূমিপৃষ্ঠ খহি পৰিলে বা ডুবি গ’লে ছিংকহোল সৃষ্টি হয়। খৰাং আৰু উচ্চ ভূগৰ্ভস্থ পানী হ্ৰাস হোৱাৰ ফলতো ছিংকহোল সৃষ্টি হ’ব পাৰে।
স্থানীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি অঞ্চলটোত ধাৰাসাৰ বৰষুণ হৈছিল যাৰ ফলত যোৱা কেইদিনমানত পানী জমা হৈছিল। স্থানীয় লোকসকলে কৈছিল যে পানী কমি যোৱাৰ পিছত নলাবোৰ পৰিষ্কাৰ কৰা হোৱা নাছিল।
ইয়াৰ লগতে সোমবাৰে ধাৰাসাৰ বৰষুণৰ ফলত অঞ্চলটোত পানী জমা হোৱাৰ পিছত স্থানীয় লোকে পৌৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে নিষ্ক্ৰিয়তাৰ বাবে প্ৰতিবাদো সাব্যস্ত কৰিছিল।
Photo: independent
আৰু পঢ়কঃ https://khatangkhobor.com/news/international/zuckerberg-starting-facebook-to-get-girls/3940/
Discussion about this post