এক চাঞ্চল্যকৰ ঘটনা। পুনৰ বহিঃৰাজ্যত মৃত্যুক সাৱটিলে অসমৰ যুৱকে (Assam Boy)। বেংগালুৰুত (Bengaluru) ৰহস্যজনকভাৱে মৃত্যু নাৰায়ণপুৰৰ অভিযন্তা ত্ৰিদীপ কোঁৱৰৰ (Assam Engineer Died At Bengaluru)। বেংগালুৰুত কোনো এটা ব্যক্তিগত প্ৰতিষ্ঠানত অভিযন্তা হিচাপে কৰ্মৰত আছিল যুৱকজন।
প্ৰমোচন (Promotion) হোৱাৰ পিছৰদিনাই ৰহস্যজনকভাবে মৃত্যু হয় বেংগালুৰুত কৰ্মৰত অভিযন্তাজনৰ ৷ ফুড অভিযন্তা হিচাপে এটা কোম্পানীত কৰ্মৰত ত্ৰিদীপ কোঁৱৰ আঠমহলীয়া এটা বিল্ডিঙৰ পৰা পৰি মৃত্যু হয় বুলি ত্ৰিদীপৰ পৰিয়াললৈ খবৰ আহে (Food Engineer Died Fall From 8th Floor) ৷ নিজৰ এপাৰ্টমেণ্টৰ কাষৰে অন্য এটা এপাৰ্টমেণ্টৰ অষ্টম মহলাৰ পৰা ৰহস্যজনকভাবে বাগৰি পৰি কৰুণ মৃত্যুক (Tragic Died) আকোঁৱালি লয়। ইফালে ত্ৰিদীপৰ পৰিয়ালে মুঠেই মানি ল’ব পৰা নাই যে এয়া এক দুৰ্ঘটনা ৷
ফুড ইঞ্জিনীয়াৰ হিচাবে ত্ৰিদীপ কোঁৱৰ নিয়োজিত আছিল “এ ৱেকোল” নামৰ এটা প্ৰতিস্থিত কোম্পানীত ৷ ১৩ আগষ্টৰ পুৱতি নিশা ত্ৰিদীপ কোঁৱৰ আাঠমহলীয়া এক অট্টালিকাৰ পৰা পৰি মৃত্যু হয় বুলি ত্ৰিদিপৰ পৰিয়াললৈ খবৰ আহে ৷ খবৰ লাভ কৰাৰ পিছতে পৰিয়ালৰ লোক বেংগালুৰুলৈ ৰাওনা হোৱাৰ পিছত বেংগালুৰুৰ আৰক্ষীয়ে জনায় যে পুৱতিনিশা লগৰ বন্ধুৰ সৈতে পাৰ্টী কৰি থকাৰ মাজতে এখন ভেণ্টিলেচনেৰে আঠ মহলাৰ পৰা সৰি পৰি মৃত্যু হয় ত্ৰিদীপ কোৱৰৰ ৷
মৃত্যুৰ এদিনৰ পূৰ্বেই ত্ৰিদীপে প্ৰমোচন লাভ কৰিছিল কোম্পানীটোত। পৰিয়ালৰ লোকে সন্দেহ কৰি কৈছিল যে প্ৰমোচনৰ বাবে ত্ৰিদীপৰ মৃত্যু হৈছে। ঈৰ্ষাত ভোগা কোনো সহকৰ্মীয়ে ত্ৰিদীপক পৰিকল্পিতভাবে হত্যা কৰা বুলি সন্দেহ কৰিছে ত্ৰিদীপৰ পৰিয়ালে ৷ পৰিয়ালে জনোৱা অনুসৰি ঘটনাটো সংঘটিত হোৱাৰ নিশা ত্ৰিদীপে নিজ ঘৰত ফোন কৰি ঘৰৰ সকলো লোকৰে খবৰ লৈছিল।
লখিমপুৰৰ নাৰায়ণপুৰৰ অশোক গাঁৱৰ নিবাসী প্ৰফুল্ল কোঁৱাৰৰ একমাত্ৰ পুত্ৰ সন্তান ত্ৰিদীপৰ মৃতদেহ সোমবাৰে নিশা তেওঁৰ বাসগৃহলৈ অনা হয় ৷ ত্ৰিদীপৰ মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে গাওঁবাসীও ৷ সকলোৰে দাবী যে ত্ৰিদিপৰ মৃত্যুৰ উচিত বিচাৰ হওক আৰু অভিযন্তাজনৰ হত্যাকাৰীয়ে কঠোৰ শাস্তি পাওক ৷ ত্ৰিদীপৰ মৃতদেহত নাছিল কোনো পতিয়ন যাব পৰা আঘাতৰ চিন ৷ ইতিমধ্যে, ত্ৰিদীপৰ পৰিয়ালে এই ঘটনা সন্দৰ্ভত তদন্তৰ বাবে আইনৰ কাষ চপাৰ প্ৰস্তুতি চলাইছে ৷
Photo: News8 Northeast
Discussion about this post