বৃহস্পতিবাৰে পুৱা অন্ধ্ৰপ্ৰদেশৰ (Andhra Pradesh) সত্য সাই জিলাত (SriSathyaSai District) এক কৰুণ ঘটনা (Tragic Incident) সংঘটিত হৈছে। ৰাস্তাৰে গৈ থকাৰ সময়তে এখন অটো ৰিক্সা উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি যায় (Auto Rickshaw Caught Fire After High Tension Electric Wire Fall)। ফলত অটো ৰিক্সাখনত ভয়ংকৰ জুই লাগে আৰু সেই জুইতে জীৱন্তে জ্বলি ছাই হয় ৫ গৰাকী মহিলা যাত্ৰী (5 Women Were Charred To Death)।
ঘটনাটো বৃহস্পতিবাৰে অন্ধ্ৰ প্ৰদেশৰ (Andhra Pradesh) সত্য সাই জিলাৰ (SriSathyaSai District) তাডিমাৰী ব্লকৰ (Tadimarri Mandal) চিল্লাকোন্দইয়া পল্লী (Chillakondayyapalli) গাঁৱৰ সমীপত পুৱা প্ৰায় ৭ বজাত সংঘটিত হয়। অটো ৰিক্সাখনে কৃষি খেতিপথাৰত কৰ্মৰত শ্ৰমিকক কঢ়িয়াই লৈ গৈ আছিল আৰু সেই সময়তে এই ভয়ংকৰ ঘটনাটো সংঘটিত হয়। ১০ গৰাকী যাত্ৰী কঢ়িয়াই অনা এখন অটো ৰিক্সা বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ পিছতে উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহে। যাৰ ফলত বাহনখনত অগ্নিকাণ্ড সংঘটিত হয় আৰু সেই জুইত জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱায় ৫ গৰাকী যাত্ৰীয়ে। ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন ৫ গৰাকীক লগে লগে স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।
Tragedy near Chillakondaiah Palli, Tadimarri Mandal of Sri Satya Sai dist. 8 persons were burnt alive when the vehicle they were travelling came in contact with high tension electric wires. The deceased were identified as residents of Guddampalli. pic.twitter.com/dY5xq6mUP4
— SNV Sudhir (@sudhirjourno) June 30, 2022
ইফালে অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল বিশ্বভূষণ হৰিচন্দ্ৰনে এই ঘটনাত শোক ব্যক্ত কৰাৰ লগতে নাগৰিকৰ উদাসীনতাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি ক্ষোভ ব্যক্ত কৰে। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ ৰাজ্যপাল গৰাকীয়ে আন্তৰিক সমবেদনা জ্ঞাপন কৰে।
আনহাতে, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে (Yeduguri Sandinti Jagan Mohan Reddy) সত্য সাই জিলাৰ চিল্লাকোন্দইয়াপল্লী গাঁৱত সংঘটিত অটো দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা শ্ৰমিক কেইজনৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে নিহতৰ পৰিয়ালক ১০ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰে। ঘটনাটোত আহত হোৱা সকলক উন্নত চিকিৎসা সেৱা আগবঢ়াবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ৰেড্ডীয়ে।
Photo: Google
Published By: Dulu Medhi
Discussion about this post