দেওবাৰে সন্ধিয়া অন্ধ্ৰপ্ৰদেশৰ (Andhra Pradesh) অনন্তপুৰ জিলাৰ উৰাভাকোণ্ডা মণ্ডলৰ (Uravakonda mandal) বুদাগাভিৰ ওচৰত সংঘটিত এক পথ দুৰ্ঘটনাত (Road Accident) ৯ গৰাকী লোক নিহত হয়। আৰক্ষীয়ে জনোৱা অনুসৰি, মৃত লোকসকল উৰাভাকোণ্ডা মণ্ডলৰ নিম্মাগাল্লু গাঁৱৰ বাসিন্দা আছিল।
গাড়ীখনৰ যাত্ৰীসকলে কৰ্ণাটকৰ বেল্লাৰীত এখন বিয়াত অংশগ্ৰহণ কৰি তেওঁলোকৰ গাঁৱলৈ উভতি গৈ আছিল (Nine killed in road mishap while returning from wedding in Anantapur district)। যেতিয়া তেওঁলোক বুদাগাভিৰ ওচৰ পাইছিল তেতিয়াই এখন দ্ৰুতবেগী ট্ৰাকে তেওঁলোকৰ SUV বাহনত খুন্দা মাৰিছিল, ঘটনাস্থলীতে ৯ গৰাকী লোক নিহত হৈছিল। ঘটনাস্থলীলৈ দৌৰি অহা স্থানীয় আৰক্ষীয়ে দুৰ্ঘটনাটোত ক্ষতিগ্ৰস্ত হোৱা বাহনখনৰ পৰা মৃতদেহ উলিয়াবলৈ যথেষ্ট লৈছিল।
উৰাভাকোণ্ডা আৰক্ষীয়ে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰি এটা গোচৰ ৰুজু কৰিছিল। মৃতকৰ পৰিচয় এতিয়াও আৰক্ষীয়ে জানিব পৰা নাই। দুৰ্ঘটনাটোত কইনাৰ পিতৃও নিহত হয়।
আৰক্ষীয়ে কৈছিল যে ঘটনাটো অনন্তপূৰ্ণু-বেল্লাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কোটলাপাল্লি অঞ্চলত সংঘটিত হৈছিল (9 Death)। লগতে আৰক্ষীয়ে জনোৱা অনুসৰি মৃতসকলৰ ভিতৰত ছয়গৰাকী মহিলা আৰু এটা শিশু আছিল।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/tragic-incident-mother-and-son-same-day-at-boko-in-assam/6574/
Discussion about this post