ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (IGI)ক বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হৈছে।
অল-কায়েদাৰ নামত এটা ইমেইল পোৱা গৈছে য’ত কেইদিনমানৰ ভিতৰত বিমানবন্দৰটোক (Airport) বোমাৰে উৰুৱাই দিয়াৰ কথা কোৱা হৈছে। এই মেইল পোৱাৰ পিছত বিমানবন্দৰত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে।
দম্পতীয়ে ৰাখিব বোমা
সংবাদ সংস্থা ANIৰ অনুসৰি, শনিবাৰে সন্ধিয়া অহা এই মেইলত (Email)ত এহাল দম্পতীৰ কথা উল্লেখ কৰা হৈছে আৰু তেওঁলোকৰ জৰিয়তে বোমা ৰখাৰ কথা কোৱা হৈছে।
মেইলটোত কোৱা হৈছে, কৰণবীৰ চুৰি ওৰফে মহম্মদ জালাল আৰু তেওঁৰ পত্নী শৈলী ছাৰা ওৰফে হাছিনা দেওবাৰে ছিংগাপুৰৰ পৰা ভাৰতলৈ আহি আছে। তেওঁলোকে অহা এদিনৰ পৰা তিনি দিনৰ ভিতৰত বিমানবন্দৰত বোমা ৰখাৰ ষড়যন্ত্ৰ কৰি আছে।
https://twitter.com/ANI/status/1424231934327017473?s=20
নিৰাপত্তা সংস্থাসমূহক সতৰ্ক কৰি দিয়া হৈছে মেইলৰ জৰিয়তে পোৱা ভাবুকিৰ পিছত। আইজিআইত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে। বিমানবন্দৰলৈ অহা-যোৱা কৰা বাহনবোৰ পৰীক্ষা কৰা হৈছে, লগতে সকলো টাৰ্মিনেলত পৰীক্ষা তীব্ৰ কৰা হৈছে।
এনে ধৰণৰ ভাবুকি পূৰ্বেও পাইছে
এই মেইলৰ পৰীক্ষাৰ পৰা গম পোৱা গৈছে যে অতীততো এই নামবোৰৰ জৰিয়তে ভাবুকিপূৰ্ণ মেইল পোৱা গৈছে।
আৰক্ষীয়ে কৈছিল যে আগতেও লিখা হৈছিল যে ৰণবীৰ আৰু ছেলী আইএছআইএছৰ নেতা আছিল আৰু লিখা হৈছিল যে তেওঁলোক দুয়ো ভাৰতলৈ আহি আছে আৰু ইয়াত এদিনৰ পৰা তিনি দিনৰ ভিতৰত বোমা বিস্ফোৰণ কৰাৰ ষড়যন্ত্ৰ কৰিব।
শনিবাৰে কৰা এই ইমেইলটো সন্ধিয়া ৫.৪৫ বজাত আহিছিল। তথ্য অনুসৰি, মেইলটো india.212@protonmail.com আইডিৰ পৰা প্ৰেৰণ কৰা হৈছিল।
Photo: Google
Discussion about this post