জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত সুৰক্ষা কৰ্মী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত লস্কৰ-এ-তৈয়বাৰ ৪ সন্ত্ৰাসবাদীসহ ৫ সন্ত্ৰাসবাদী নিহত। এই সময়ছোৱাত সেনাৰ এজন জোৱানো শ্বহীদ হয়।
বিষয়াসকলে ক’লে যে, সন্ত্ৰাসবাদীৰ উপস্থিতিৰ কথা জানিবলৈ পাই সুৰক্ষা কৰ্মীয়ে পুলৱামা জিলাৰ ৰাজপুৰাৰ হাজিন গাঁৱত ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰি দিছিল।
এগৰাকী বিষয়াই জনায় যে, আৰম্ভণিৰ গুলীয়াগুলীত এজন জোৱান আহত হৈছিল, যাৰ হাস্পতালত চিকিৎসাৰ সময়ত মৃত্যুক সাৱটি লয়। নিহত সন্ত্ৰাসবাদীকেইটাৰ নাম দানিশ মঞ্জুৰ, ৰেহান, নিশাদ হুছেইন লোন উৰফে থিতাব আৰু আমীৰ বাগ্যৰ ৰূপত পোহৰলৈ আহিছে। এটা সন্ত্ৰাসবাদীৰ বৰ্তমানলৈ পৰিচয় লাভ কৰিব পৰা হোৱা নায়।
Photo: Google





























Discussion about this post