লুঙি পিন্ধি পৰীক্ষা দিবলৈ অহা বাবে ৩জন ছাত্ৰক কৰিলে বহিষ্কাৰ। পিছে এই ঘটনা অসমৰ নহয়, বাংলাদেশৰহে।
জানিব পৰা অনুসৰি, বাংলাদেশৰ দিনাজপুৰৰ হাজী মহম্মদ দানেশ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ ৩জন ছাত্ৰই লুঙি পৰিধান কৰিছিল অনলাইন পৰীক্ষাৰ বাবে। এই অভিযোগ উত্থাপন কৰিছিল পৰীক্ষকে।
পৰীক্ষকৰ এই অভিযোগৰ পিছতে ছাত্ৰ তিনিওজনে পৰীক্ষকক দুৰ্ব্যৱহাৰ কৰে। যাৰ বাবে পৰীক্ষকে ছাত্ৰ তিনিজনক বহিষ্কাৰ কৰিবলৈ বাধ্য হয়।
বিশ্ববিদ্যালয়খনৰ ৮ আগষ্টৰ পৰা আৰম্ভ হোৱা অনলাইন পৰীক্ষাৰ সময়ত এই ঘটনা সংঘটিত হয়। ২৭ ছেপ্তেম্বৰৰ ফুড প্ৰচেছিং বিভাগৰ পৰীক্ষাৰ সময়ত তিনিজন ছাত্ৰই লুঙি পৰিধান কৰি পৰীক্ষা দিবলৈ বহিছিল। পৰীক্ষকে ছাত্ৰ তিনিওজনকে লুঙি পিন্ধা প্ৰত্যক্ষ কৰিছিল আৰু তাৰ পিছতে পৰীক্ষকে তিনিওকে জুমৰ পৰা বাহিৰ কৰি দিয়ে।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে অসমতো অনুৰূপ ঘটনা সংঘটিত হৈছিল। এগৰাকী ছাত্ৰীয়ে হাফপেণ্ট পৰিধান কৰি পৰীক্ষা দিবলৈ আহিছিল। এই ঘটনাটোৱে সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।
Photo: Google




























Discussion about this post