Jharkhand Ropeway Accident : ঝাৰখণ্ডৰ দেওঘৰ জিলাৰ বাবা বৈদ্যনাথ মন্দিৰৰ ওচৰৰ ত্ৰিকুট পাহাৰত (Trikut Hill) ১২খন ৰোপৱে’ট্ৰলীৰ মাজত সংঘৰ্ষ। বায়ু সেনাৰ হেলিকপ্টাৰেৰে উদ্ধাৰ (Air Force helicopter) অভিযান (Rescue operation) চলাবলৈ অসুবিধাৰ সৃষ্টি হৈছে। এতিয়ালৈকে,১৬জন পৰ্যটকক হেলিকপ্টাৰৰ পৰা উলিয়াই অনা হৈছে বুলি দাবী কৰা হৈছে।
देवघर के त्रिकूट रोपवे पर रविवार से फँसे लोगों को निकालने के लिए एनडीआरएफ़ के जवानों के अलावा सेना के जवान और हेलिकॉप्टर भी पहुँचा @ndtvindia @Anurag_Dwary pic.twitter.com/6IGmLjJKLz
— manish (@manishndtv) April 11, 2022
ये वहीं स्पॉट हैं जहां रविवार शाम दो ट्रॉली में ठक्कर हुआ था @ndtvindia pic.twitter.com/5EasGXFk0T
— manish (@manishndtv) April 11, 2022
ঝাৰখণ্ডত (Jharkhand) দেওঘৰ জিলাৰ (Deoghar District) বাবা বৈদ্যনাথ মন্দিৰৰ ওচৰৰ ত্ৰিকুটা পাহাৰত ১২খন ৰোপৱে’ ট্ৰলীৰ (Ropeway) মাজত সংঘৰ্ষ হয়। দুৰ্ঘটনাটোত ৩জন লোকে প্ৰাণ হেৰুৱাই আৰু আন ৪৮ জন ট্ৰলীত আৱদ্ধ হৈছিল। ৰোপৱে’ দুৰ্ঘটনাৰ ২১ ঘণ্টাৰ পাছতো ভক্তসকলক উদ্ধাৰ চলি আছে। সকলো পৰ্যটকক হেলিকপ্টাৰৰ জৰিয়তে সুৰক্ষিতভাৱে স্থানান্তৰ কৰাৰ সকলো প্ৰচেষ্টা কৰা হৈছে। সেনাৰ হেলিকপ্টাৰসমূহৰ অভিযানটো চলাবলৈ অসুবিধাৰ সৃষ্টি হৈছে। এতিয়ালৈকে, ১৬জন পৰ্যটকক হেলিকপ্টাৰেৰে পৰা উলিয়াই অনা হৈছে বুলি দাবী কৰা হৈছে। বাকী ৩২জন লোকক সন্ধিয়াৰ ভিতৰত স্থানান্তৰ কৰিবলৈ কোৱা হৈছে।
সেনাৰ হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযানত সমস্যা সৃষ্টি হৈছে
ৰোপৱে’ (Ropeway) চলাবলৈ তাত তাঁৰৰ জাল আছে। ইয়াৰ বাবে, সেনাৰ হেলিকপ্টাৰৰ অভিযানটো চলাবলৈ অসুবিধাৰ সৃষ্টি হৈছে। সোমবাৰে ৰাতিপুৱা তাঁৰৰ জালৰ বাবে হেলিকপ্টাৰখন ৬ ঘণ্টাৰ প্ৰচেষ্টাৰ পিছত উভতি গৈছিল। পুনৰ পৰিকল্পনা কৰি উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানত তিনিখন বায়ু সেনাৰ হেলিকপ্টাৰ জড়িত হৈ আছে। পৰিস্থিতিটো হৈছে যে দেওবাৰে আবেলি প্ৰায় ৪ বজাত সংঘটিত দুৰ্ঘটনাটোৰ পিছত, ৪৮জন ভক্ত ১৮ খন ট্ৰলীত আৱদ্ধ হৈ বতাহত ওলমি আছিল। ঘটনাটোত ১২জন লোক আহত হৈছিল। এনডিআৰএফ দল আৰু সেনাৰ কমাণ্ডোসকলে যুটীয়াভাৱে অভিযান চলাই আছে।
উদ্ধাৰ অভিযানৰ বাবে দুখন এমআই-১৭ হেলিকপ্টাৰ কৰা বুলি জানিব পৰা গৈছে। বাতৰি অনুসৰি, ২৫টা কেবিন সংলগ্ন প্ৰায় ৭৬৬ মিটাৰ দীঘল ৰোপৱে’টোত কাৰিকৰী বিজুতিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয়।
৩৯২ মিটাৰ ওখ ত্ৰিকূট পাহাৰত দীৰ্ঘদিনৰ পৰা পৰ্যটকৰ বাবে চলি থকা এই ৰোপৱে’ৰ প্ৰতিটো কেবিনত ৪ জনকৈ পৰ্যটকে যাত্ৰা কৰি প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগ কৰে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/politics/mla-atul-bora-comments-on-price-hike/8192/
Discussion about this post